৫ কিলোমিটাৰ কান্ধত কঢ়িয়াই আনি সেনা জোৱানে প্ৰাণ ৰক্ষা কৰিলে গুলীবিদ্ধ মাওবাদীৰ
সেনাৰ সৈতে হোৱা সংঘৰ্ষত গুলীবিদ্ধ হোৱা এজন মাওবাদী কেদাৰৰ প্ৰাণ ৰক্ষা কৰিলে খোদ সেনা জোৱানেই।
সেনা জোৱানসকলে গুলীচালনা কৰা মাওবাদীজনক কান্ধত লৈ চিকিৎসালয়ত ভৰ্তি কৰে সেনা সকলে।
জানিব পৰা মতে, প্ৰায় পাঁচ কিলোমিটাৰ কান্ধত তুলি নি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত সংঘটিত হৈছে এই ঘটনা।
আৰক্ষীৰ সূত্ৰ অনুসৰি, পশ্চিম সিংভূম জিলাৰ হুচিপি বনাঞ্চলত মাওবাদীয়ে ঘাটি স্থাপন কৰাৰ তথ্য সেনাৰ হাতত আছিল। ইয়াৰ পিছত যৌথ বাহিনীয়ে তাতেই মাওবাদী দমন অভিযান আৰম্ভ কৰে।
তাৰ পিছত সেনা বাহিনী আৰু মাওবাদীৰ মাজত গুলীয়া-গুলী সংঘটিত হয়। সেই যুঁজত সেই মাওবাদী এজন সদস্য আহত হয়।
সেনাৰ গুলীত আহত হোৱাৰ পিছত মাওবাদী জনক হাবিতে এৰি তেওঁৰ সতীৰ্থ সকলে পলায়ন কৰে। ইয়াৰ পিছত তালাচী অভিযানৰ সময়ত জোৱানসকলে তেওঁক আঘাতপ্ৰাপ্ত অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।
ইয়াৰ পাছতেই প্ৰায় পাঁচ কিলোমিটাৰ খোজ কাঢ়ি আহত মাওবাদীজনক হাতীবুৰু শিবিৰলৈ লৈ আহে জোৱানসকলে। তাত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে বিমানেৰে ৰাঁচীলৈ লৈ যোৱা হয়।
অৱশ্যে আৰক্ষী আৰু যুটীয়া বাহিনীয়ে এতিয়াও পশ্চিম সিংভূমৰ বনাঞ্চলত মাওবাদী দমন অভিযান চলাই আছে।