NORTHEAST NOW (Assamese)
Popular Stories

২৫ হাজাৰ কিঃমিঃ বেগৰে আহি আছে বৃহৎ গ্ৰহাণু : খুন্দা মাৰিব নেকি পৃথিৱীত!‎

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2023 4:53 pm

বিজ্ঞানীসকলে মহাকাশৰ ৰহস্যসমূহ আৰু ঘটনা পৰিঘটনাবোৰৰ বিষয়ে অহৰহ গৱেষণা কৰি আছে। তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ জৰিয়তে আমি ব্ৰহ্মাণ্ডৰ সম্পৰ্কে প্ৰায়ে আচৰিত ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হওঁ। কেৱল সেয়াই নহয়, যিকোনো বিপদৰ বিষয়েও আগতীয়াকৈ সতৰ্ক কৰি দিয়ে মহাকাশ বিজ্ঞানীসকলে। শেহতীয়াকৈ বিজ্ঞানীসকলে এনে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে।

লাভ কৰা তথ্য অনুসৰি পৃথিৱীৰ অভিমুখে আহি আছে এটা বৃহদাকাৰ গ্ৰহাণু। এই গ্ৰহাণুটো ৬৫৬ ফুট বহল। দ্য ছান ৱেবছাইটৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ মহাকাশ সংস্থা নাছাই কয় যে চলিত মাহৰ শেষৰ ফালে পৃথিৱীৰ নিচেই কাষেদি এই গ্ৰহাণুটো পাৰ হৈ যাব। মহাকাশ বিজ্ঞানীসকলে ইয়াৰ নাম ৰাখিছে – ২০২৩ CL3।

লগতে পঢ়কঃ গুৱাহাটীত ঘৰুৱা সহায়িকা আৰু স্বামীয়ে মিলি ৩ লাখ টকা লুটি নিলে মালিকৰ; গ্ৰেপ্তাৰ আৰক্ষীৰ

প্ৰতিবেদনটোত কোৱা হৈছে যে নাছাই এই গ্ৰহাণুটোক পৃথিৱীৰ অতি ওচৰৰ পৰা পাৰ হোৱা গ্ৰহাণুবোৰৰ শ্ৰেণীত স্থান দিছে।

উল্লেখ্য যে যেতিয়াই মহাকাশৰ পৰা কোনো গ্ৰহাণু পৃথিৱীৰ অতি ওচৰলৈ অহাৰ সম্ভাৱনা থাকে, তেতিয়াই নাছাই ইয়াক এই তালিকাত অন্তৰ্ভুক্ত কৰে আৰু অবিৰতভাৱে অনুসৰণ আৰু অধ্যয়ন কৰে।

ঘণ্টাত ২৫ হাজাৰ কিলোমিটাৰ বেগত পৃথিৱীৰ ফালে গতি কৰা এই গ্ৰহাণুটো ২৪ মে’ত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হ’ব। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব হ’ব মাত্ৰ ৭২ লাখ কিলোমিটাৰ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰী বীৰেন সিঙে জনালে, ‘মণিপুৰৰ হিংসাত ৬০ জন লোকে হেৰুৱাইছে প্ৰাণ, জ্বলিছে ১৭০০ ঘৰ!’

বৰ্তমান এই গ্ৰহাণুটোক ভয় কৰাৰ কোনো কাৰণ নাই যদিও নাছাই অনুমান কৰিছে যে যদি ইমান বৃহৎ গ্ৰহাণু এটাই পৃথিৱীত তীব্ৰ বেগেৰে খুন্দা মাৰে তেন্তে ই এক বৃহৎ সংকটৰ সৃষ্টি কৰিব পাৰে।

বিশেষজ্ঞ সকলৰ মতে পৃথিৱীৰ বিজ্ঞান-প্ৰযুক্তি এতিয়াও ইমান ডাঙৰ গ্ৰহাণুৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হোৱা নাই। সেইবাবেই নাছাই প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাত নিয়োজিত হৈছে। যাতে ভৱিষ্যতে এই ধৰণৰ গ্ৰহাণুৱে খুন্দা মৰাৰ পৰা পৃথিৱীক ৰক্ষা কৰিব পৰা যায়।

লগতে পঢ়কঃ আমেৰিকাৰ শ্বপিংমলৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু ভাৰতীয় যুৱতী অভিযন্তাৰ; শোকস্তব্ধ পৰিয়াল