NORTHEAST NOW (Assamese)
দেশ

অন্ধবিশ্বাসৰ পৰিণতি : জ্যোতিষীৰ নিদানত ৪ মাহে গৃহবন্দী হৈ অসুস্থ হৈ পৰিল যুৱতী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 22, 2023 4:16 pm

অন্ধবিশ্বাসৰ পৰিণতিত যোৱা থোৱা অৱস্থা হৈছে এগৰাকী যুৱতীৰ। অন্ধবিশ্বাসৰ বলি হৈ জ্যোতিষীৰ কথাত ৪ মাহে গৃহবন্দী হৈ থাকি সংকটজনক অৱস্থাত পৰিছে যুৱতীগৰাকী ।

বাংগালুৰুত সংঘটিত হৈছে এই ঘটনা। জ্যোতিষীৰ কথা মতে বিগত ৪ মাহ ধৰি ঘৰতে সোমাই আছিল তেওঁ। খাদ্যৰ নামত সেৱন কৰিছিল মাত্ৰ হালধীৰ পানী।

অৱশেষত বৃহস্পতিবাৰে প্ৰশাসনে বেংগালুৰুৰ লাগেৰে অঞ্চলৰ যুৱতীগৰাকীৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে।সংকটজনক অৱস্থাত যুৱতীগৰাকীক ঘৰৰ পৰা উদ্ধাৰ কৰে।

জানিব পৰা মতে জ্যোতিষীৰ নিৰ্দেশত যুৱতীগৰাকীক এই সময়ছোৱাত কোনো খাদ্য খাবলৈ দিয়া হোৱা নাছিল আৰু কেৱল হালধীৰ পানীহে খাবলৈ দিয়া হৈছিল। ।

চিকিৎসালয়লৈ নিয়াৰ পিছত মহিলাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত বুলি ধৰা পৰে। তেওঁক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনাত ক্ষুব্ধ হৈ অঞ্চলবাসীয়ে মহিলাগৰাকীৰ ঘৰলৈ গৈ পৰিয়ালৰ লোকক অন্ধ বিশ্বাসৰ বাবে ককৰ্থনা কৰে।

ইয়াৰ পিছত তেওঁলোকে জ্যোতিষীজনকো আক্ৰমণ কৰে আৰু প্ৰশাসনৰ হাতত গতাই দিয়ে।

উল্লেখ্য যে ৪ মাহ পূৰ্বে হঠাৎ কঁকালৰ বিষ হোৱাত যুৱতী গৰাকীগৰাকী অসুস্থ হৈ পৰিছিল। ঔষধ খোৱাৰ পিছতো বিষ কমি যোৱা নাছিল বাবে যুৱতীগৰাকীৰ ভাতৃয়ে জ্যোতিষীৰ পৰামৰ্শ লৈছিল।

৪ মাহ বন্দী হৈ থাকি শাৰীৰিক অৱস্থা জটিল হৈ অহাৰ লগে লগে তেওঁ কেনেবাকৈ বন্ধু এজনলৈ পৰিস্থিতিৰ বিষয়ে খবৰ পঠিয়াইছিল। বন্ধুজনৰ সহায়ত মহিলা আৰু শিশু কল্যাণ বিভাগৰ বিষয়াসকলে বৃহস্পতিবাৰে অভিযান চলাই অসুস্থ মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান ঘটনাৰ তদন্ত অব্যাহত আছে।