NORTHEAST NOW (Assamese)

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

May 18, 2025 9:30 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 18, 2025 8:27 pm

ভাৰতত ধৰা পৰা অবৈধ বাংলাদেশী নাগৰিকক বাংলাদেশ সীমান্তলৈ ঘূৰাই পঠিওৱা বুলি অভিযোগ কৰিছে বাংলাদেশী চৰকাৰে।

বাংলাদেশৰ ২৫ নং বেটেলিয়নৰ অধিনায়ক লেফটেনেণ্ট কৰ্ণেল জব্বাৰ আহমেদে দাবী কৰিছে যে ভাৰতীয় সীমান্ত ৰক্ষীয়ে অবৈধ বাংলাদেশী নাগৰিকক বাংলাদেশলৈ ঘূৰাই পঠাইছে।

ঢাকা ট্ৰিবিউন কাকতৰ মতে, শনিবাৰে পুৱা বাংলাদেশী সেনাই অভিযোগ কৰে যে শুকুৰবাৰে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকক ব্ৰহ্মনবৰীয়া সীমান্তৰ ফালে খেদি দিয়াৰ চেষ্টা কৰা হৈছিল, যিটো সীমান্তৰক্ষী আৰু স্থানীয় বাসিন্দাৰ সহায়ত বিফল হৈছিল।

লেফটেনেণ্ট কৰ্ণেল জব্বাৰ আহমেদে কয়, ‘আমি ভাৰতীয় পক্ষক অনুৰোধ জনাইছো যে এনে ধৰণৰ ঠেলা-হেঁচা কাৰ্য্যৰ আশ্ৰয় নোলোৱাকৈ আনুষ্ঠানিক প্ৰক্ৰিয়া অনুসৰণ কৰক।

উল্লেখ্য যে এই সপ্তাহত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতলৈ এখন পত্ৰ লিখি কয় যে যিকোনো ধৰণৰ পুছ-ইনৰ প্ৰচেষ্টাই বৰ্তমানৰ দ্বিপাক্ষিক নীতি উলংঘা কৰিছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ মতে, “এইটোৱে কেৱল নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাই নহয়, ইয়াৰ দ্বাৰা জনসাধাৰণৰ নেতিবাচক আৱেগ সৃষ্টি কৰাৰ সম্ভাৱনাও আছে।”

আনহাতে বাংলাদেশৰ অভিযোগ সন্দৰ্ভত ভাৰতে কোনো আনুষ্ঠানিক সঁহাৰি দিয়া নাই যদিও উত্তৰ-পূব ভাৰতৰ দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ বক্তব্যই ‘পুছ বেক’ নীতি ৰূপায়ণৰ ইংগিত দিছে।

মহম্মদ জাহাংগীৰ আলম চৌধুৰীয়ে কয় যে, “আমি এই বিষয়ত ভাৰত চৰকাৰক জনাইছো যে যদি কোনো বাংলাদেশীয়ে ভাৰতত অবৈধভাৱে বাস কৰি আছে তেন্তে তেওঁক সঠিকভাৱে ঘূৰাই পঠিয়াব লাগে।”

তেওঁ আৰু কয়, “একেদৰে যদি কোনো ভাৰতীয় নাগৰিকক বৈধ নথি-পত্ৰ অবিহনে বাংলাদেশত বাস কৰা দেখা যায় তেন্তে তেওঁক আইনী পদ্ধতি অনুসৰণ কৰি ঘূৰাই পঠিওৱা হ’ব।”

Related News