NORTHEAST NOW (Assamese)

বন্ধ হ’ল দেশৰ সবাটোকৈ ডাঙৰ চাইকেল নিৰ্মাণ প্ৰতিষ্ঠান ‍‘আটলছ’

June 4, 2020 10:49 am · এন ই নাও নিউজ
Updated: June 4, 2020 12:28 pm

দেশৰ প্ৰসিদ্ধ চাইকেল কোম্পানি আটলছে তেওঁলোকৰ সকলোতকৈ ডাঙৰ কাৰখানাটোৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিছে। ইয়াৰ ফলত এতিয়া কাৰখানাটোত কৰ্মৰত হাজৰৰো অধিক শ্ৰমিক-কৰ্মচাৰীয়ে ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে।

কোম্পানিটোৱে আৰ্থিক সংকটত ভুগি কাৰখানাটো বন্ধ কৰি দিয়া বুলি উল্লেখ কৰিছে।

বুধবাৰে আটলছ চাইকেলছ (হাৰিয়ানা) লিমিটেডে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ চাহিবাদস্থিত সবাটোকৈ ডাঙৰ কাৰখানাটোত এখন জাননী জাৰি কৰিছে। জাননীখনৰ জৰিয়তে কোম্পানিয়ে গভীৰ আৰ্থিক সংকটত ভুগি আছে বুলি উল্লেখ কৰে।

জাননীখনত উল্লেখ আছে যে কোম্পানিৰ সকলো পুঁজি খৰচ হৈ গৈছে। কোম্পানিৰ হাতত এতিয়া দৈনিক খৰচৰ বাবেও ধন নাই। আমি এতিয়া কোম্পানি চলাব পৰা অৱস্থাত নাই।

এই সন্দৰ্ভত কৰ্মচাৰী য়ুনিয়নৰ এগৰাকী নেতাই কয় যে এই কাৰখানাটোত হাজাৰৰো অধিক শ্ৰমিকে কাম কৰে। চাহিবাদস্থিত আটলছৰ এই কাৰখানাটো ১৯৮৯ চনৰ পৰা চলি আছিল।

লকডাউনৰ আগতে প্ৰতি মাহে কাৰখানাত ২ লাখ চাইকেল নিৰ্মাণ হৈছিল। এতিয়া এনেদৰে হঠাৎ কাৰখানা বন্ধ হৈ গ’লে শ্ৰমিক-কৰ্মচাৰী সকলৰ ভৱিষ্যত কি হ’ব বুলিও য়ুনিয়নৰ নেতাগৰাকীয়ে  প্ৰশ্ন কৰে।

উল্লেখ্য যে ৩ জুনৰ দিনটো বিশ্ব চাইকেল দিৱস হিচাপে পালন কৰা হয়, আৰু সেই দিনটোতে ভাৰতত এটা প্ৰসিদ্ধ চাইকেল কোম্পানি হঠাৎ বন্ধ হৈ পৰাৰ উপক্ৰম ঘটা কাৰ্যই সকলোকে চিন্তিত কৰি তুলিছে।

Related News