NORTHEAST NOW (Assamese)
Popular Stories

৫৬ বছৰ পূৰ্বে হিমাচলত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমানত মৃত্যু হোৱা ৪জন লোকৰ মৃতদেহ উদ্ধাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 1, 2024 9:17 pm

১৯৬৮ চনৰ ফেব্ৰুৱাৰী মাহত হিমাচলৰ ৰ’টাং পাছত ১০২ জন যাত্ৰীসহ বায়ুসেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দুই এটা মৃতদেহ উদ্ধাৰ হয় যদিও বেছিভাগেই কেতিয়াও পোৱা নগ’ল। এইবাৰ দুৰ্ঘটনাৰ ৫৬ বছৰৰ পাছত বৰফৰ তলৰ পৰা আৰু চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয়।

১৯৬৮ চনৰ ৭ ফেব্ৰুৱাৰীত চণ্ডীগড়ৰ পৰা উৰা মাৰিছিল এখন বায়ুসেনাৰ এএন-১২ বিমান। পাইলটৰ বাহিৰেও বিমানখনত আছিল ১০২ জন যাত্ৰী। কিন্তু বেয়া বতৰৰ বাবে ৰ’টাং পাছৰ কাষ চাপি অহাৰ লগে লগে তেওঁৰ কণ্ট্ৰ’ল ৰুমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। অৱশেষত ৰ’টাং পাছত যাত্ৰীসহ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। তাৰ পাছৰে পৰা দশক দশক ধৰি বিমানখনৰ ধ্বংসাৱশেষ যাত্ৰীৰ মৃতদেহৰ সৈতে বৰফৰ সমাধিত পৰি আছে।

২০০৩ চনত অটল বিহাৰী বাজপেয়ী ৰক ক্লাইম্বিং ট্ৰেইনিং চেণ্টাৰৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে বিমানখনৰ বৰফেৰে আবৃত ধ্বংসাৱশেষ উদ্ধাৰ কৰে। তাৰ পাছৰে পৰা ভাৰতীয় সেনাৰ ডোগ্ৰা স্কাউট টিমে অঞ্চলটোত কেইবাটাও উদ্ধাৰ অভিযান চলাই আহিছে। কিন্তু এই সকলো প্ৰচেষ্টাৰ পাছতো এতিয়ালৈকে মাত্ৰ পাঁচটা মৃতদেহহে উদ্ধাৰ কৰা হৈছে। এইবাৰ আৰু চাৰিটা মৃতদেহ উদ্ধাৰ কৰে চন্দ্ৰভাগ পৰ্বত অভিযানৰ সদস্যসকলে। ফলত মুঠ উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৯ টা।

উদ্ধাৰ হোৱা চাৰিটা মৃতদেহৰ ভিতৰত তিনিটা চিনাক্ত কৰা হৈছে। তেওঁলোক হ’ল মালখান সিং, চিপাহী নাৰায়ণ সিং আৰু থমাছ চৰণ। চতুৰ্থজন ব্যক্তিৰ চিনাক্তকৰণ হোৱা নাই যদিও পৰিয়ালৰ লোকক অৱগত কৰা হৈছে। লোছাৰত মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়া হ’ব। ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি অহা ১০ অক্টোবৰলৈকে এই উদ্ধাৰ অভিযান চলি থাকিব।