NORTHEAST NOW (Assamese)

বক্সিং বিষয়াৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ লাভলিনা বৰগোহাঁইৰ

August 10, 2025 7:30 pm · নৰ্থ-ইষ্ট নাও
Updated: August 10, 2025 5:03 pm

অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী তথা খেলৰত্ন বঁটা বিজয়ী লাভলিনা বৰগোহাঁয়ে ভাৰতীয় বক্সিং ফেডাৰেচনৰ এগৰাকী জ্যেষ্ঠ বিষয়া কৰ্ণেল অৰুণ মালিকৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰিছে।

এই অভিযোগৰ ভিত্তিত ভাৰতীয় অলিম্পিক সন্থাই তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়, ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ, টাৰ্গেট অলিম্পিক পডিয়াম আঁচনি, ইণ্ডিয়ান অলিম্পিক এছচিয়েশ্যন, আৰু বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াক লিখিত অভিযোগ দাখিল কৰিছিল লাভলীনাই।

৮ জুলাইত জুমৰ এখন বৈঠকৰ সময়ত কাৰ্যবাহী সঞ্চালক তথা অন্তৱৰ্তীকালীন সমিতিৰ সদস্য মালিকে তেওঁক অপমান কৰা বুলি অভিযোগ দিছে লাভলীনাই।

বক্সাৰগৰাকীয়ে কয় যে মালিকে তেওঁৰ প্ৰতিভাক তুচ্ছজ্ঞান কৰিছিল, তেওঁক গালি দিছিল আৰু তেওঁক “চুপ থাকক, মূৰটো দোৱাই থাকক আৰু আমি কোৱাৰ দৰে কৰক” বুলি কৈছিল। জানিব পৰা মতে, ৪ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ লিভাৰপুলত অনুষ্ঠিত হ’বলগীয়া এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে তেওঁৰ প্ৰশিক্ষণ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হৈছিল। লাভলিনাই বিদেশত প্ৰশিক্ষণ ল’বলৈ আৰু দীৰ্ঘদিনীয়া প্ৰশিক্ষক প্ৰণমিকা বৰাৰ সৈতে প্ৰশিক্ষণ ল’বলৈ বিচাৰিছিল। কিন্তু মালিকে লাভলীনাৰ এই অনুৰোধ নাকচ কৰিছিল।

Related News