NORTHEAST NOW (Assamese)

বাঘৰ সৈতে বন্ধুত্ব কৰা এটা ছাগলীৰ বন্দনা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

November 11, 2019 8:40 pm · এন ই নাও নিউজ
Updated: November 11, 2019 8:55 pm
টাইমূৰ তাৰ বন্ধু বাঘটোৰ সৈতে। ফটোৰ উৎস : ইণ্টাাৰনেট।

বাঘৰ গঁৰাললৈ খাদ্য হিচাপে দলিয়াই দিয়াৰ পিছতো কেইবা বছৰ বীৰদৰ্পে বাঘটোৰ সৈতে বাস কৰি অহা এটা ছাগলীৰ মৃত্যুত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বেচ বন্দনাৰে সন্মান প্ৰদৰ্শন কৰা দেখা গৈছে।

দুঃসাহসৰ বাবে “টাইমূৰ” জনপ্ৰিয় নামেৰে বিখ্যাত হোৱা ছাগলীটোৰ যোৱা ৫ নৱেম্বৰত মৃত্যু হৈছিল আৰু শেহতীয়াকৈ এই খবৰ বহুকেইটা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ হৈছে।

বাতৰিবোৰত প্ৰকাশ পোৱা মতে, টাইমূৰক ২০১৫ চনত ৰাছিয়াৰ ছাফাৰি পাৰ্কত থকা এটা চাইবেৰিয়ান ঢেঁকীয়া পতীয়া বাঘৰ গঁৰাললৈ বাঘটোৰ খাদ্য হিচাপে দলিয়াই দিয়া হৈছিল।

কিন্তু কেতিয়াও বাঘ নেদেখা ছাগলীটোৱে বাঘটোৰ সন্মুখত কোনো ভয়-ভীত নোহোৱাকৈ থিয় হোৱাত বাঘটোৱে তাক আক্ৰমণ নকৰিলে বা খোৱাৰ ইচ্ছা নেদেখুৱালে।

তাৰ পিছৰ পৰাই অবিশ্বাস্য ধৰণে দুয়োটাই পৰস্পৰৰ সৈতে বন্ধুত্ব গঢ়িবলৈ ধৰে। দুয়োটাই খুন্দিয়া-খুন্দি, খেদা-খেদি, বগৰা-বাগৰি কৰি ধেমালি কৰাৰ ভিডিঅ’ ফুটেইজবোৰে বহুতৰ অপাৰ বিস্ময় উদ্ৰেক কৰে। দুয়োটা একেলগে শুইছিল, একেলগে খাইছিল, পৰস্পৰৰ একমাত্ৰ সংগী আছিল।

পাৰ্কখনৰ পৰিচালক ডিমিট্ৰি মেজেণ্টছে’ভৰ (Dmitry Mezentsev) ভাষাত “বিস্ময়কৰ” এই বিৰল বন্ধুত্ব বহুদিন ধৰি চলি আছিল।

বাতৰিবোৰত পাৰ্কখনৰ পৰিচালকজনৰ বক্তব্যৰ আঁত ধৰি কোৱা হৈছে যে লাহে লাহে ছাগলীটোৰ স্পৰ্ধা বাঢ়ি গৈছিল আৰু সি বাঘটোক বেছিকৈ ফেঁপেৰি পাতিবলৈ ধৰিছিল।

প্ৰায় এমাহ ধৰি এই আমনিত অতিষ্ঠ হোৱা বাঘটোৱে অৱশেষত ২০১৬ চনৰ জানুৱাৰি মাহত তাৰ বন্ধুক ধৰি এছাৰি দিয়ে। এটা সৰু টিলাত আছাৰ খাই পৰা টাইমূৰে এটা ঠেঙত বেয়াকৈ আঘাত পায় আৰু তাৰ পিছৰ পৰাই লাহে লাহে তাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে।

উদ্যান কৰ্তৃপক্ষই টাইমূৰক মস্কোলৈ নিও চিকিৎসা কৰাইছিল যদিও আগৰ সুস্থতা আৰু শক্তি ঘূৰাই নাপাইছিল। অৱশেষত যোৱা ৫ নৱেম্বৰত শেষ নিঃশ্বাস ত্যাগ কৰে টাইমূৰে।

বাতৰি প্ৰতিষ্ঠানবোৰৰ মতে, বহুতো ৰাছিয়ানে টাইমূৰৰ মৃত্যুত নিজৰ দুঃখ প্ৰকাশ কৰিছে।

প্ৰায় পাঁচ বছৰ বয়সীয়া এই ছাগলীটোক সা-সন্মানেৰে কবৰ দিয়া হয় বুলি পাৰ্কখনৰ ৰখীয়া এলভিৰা গ’ল’ভিনাৰ(Elvira Golovina) বক্তব্যৰে এটা বাতৰি প্ৰকাশ হৈছে।

পাৰ্ক কৰ্তৃপক্ষই “টাইমূৰ”ৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিব বুলি বাতৰিত প্ৰকাশ।

Related News