NORTHEAST NOW (Assamese)

প্ৰতিবাদলৈ নকৰে কেৰেপ! হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পুনৰ ৬ কোটি ডলাৰৰ অনুদান বাতিল মাৰ্কিন চৰকাৰৰ

May 20, 2025 5:29 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 20, 2025 5:30 pm

আমেৰিকাৰ অন্যতম প্ৰভাৱশালী শিক্ষানুষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ আৰু ৬ কোটি ডলাৰৰ অনুদান বাতিল কৰিছে ট্ৰাম্প প্ৰশাসনে। বিশ্ববিদ্যালয়খনত নাগৰিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই পদক্ষেপ লোৱা বুলিও খবৰ ওলাইছিল।

মঙলবাৰে (২০ মে) এক প্ৰতিবেদনত আনাডোলু সংবাদ সংস্থাই এই তথ্য প্ৰকাশ কৰিছে।

সংবাদ সংস্থাটোৱে জনোৱা মতে, আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ক দিয়া প্ৰায় ৬ কোটি ডলাৰৰ ফেডাৰেল অনুদান বাতিল কৰাৰ কথা ঘোষণা কৰিছে। স্থানীয় সময় অনুসৰি সোমবাৰে এক বিবৃতিত এই সিদ্ধান্ত ঘোষণা কৰা হয়।

বিবৃতিটোত লগতে কোৱা হৈছে যে, “হাৰ্ভাৰ্ডে বাৰে বাৰে ইহুদী বিৰোধী হাৰাশাস্তি আৰু বৰ্ণবাদৰ অভিযোগসমূহ পৰ্যাপ্তভাৱে সমাধান কৰাত ব্যৰ্থ হৈছে, যাৰ ফলত মুঠ প্ৰায় ৬ কোটি ডলাৰৰ কেইবাটাও বহুবছৰীয়া অনুদান বাতিল কৰা হৈছে।

সংস্থাটোৱে লগতে কয় যে তেওঁলোকে কোনো ধৰণৰ বৈষম্য সহ্য নকৰে আৰু ফেডাৰেল পুঁজি কেৱল সেই প্ৰতিষ্ঠানসমূহকহে প্ৰদান কৰা হব যিয়ে সকলো ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ নিশ্চিত কৰে।

ইয়াৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে ফেডাৰেল অনুদান ২.২ বিলিয়ন ডলাৰতকৈ অধিক আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ আবণ্টিত চুক্তিৰ ধন ৬ কোটি ডলাৰ বাতিল কৰিছিল। প্ৰশাসনে দাবী কৰে যে বিশ্ববিদ্যালয়সমূহত পেলেষ্টাইন সমৰ্থক প্ৰতিবাদ আৰু ডাইভাৰচিটি, ইকুইটি, এণ্ড ইনক্লুজন (ডি ই আই) কাৰ্যসূচীৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

হাৰ্ভাৰ্ড প্ৰশাসনে অৱশ্যে এই পদক্ষেপৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে। বিশ্ববিদ্যালয়খনৰ অভিযোগ যে এই পুঁজি বন্ধই আমেৰিকাৰ সংবিধানৰ প্ৰথম সংশোধনী (বাক স্বাধীনতা) আৰু ফেডাৰেল আইন উলংঘা কৰিছে যত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আভ্যন্তৰীণ ৰাজহ সেৱাক কোনো ধৰণৰ অডিট বা তদন্ত আৰম্ভ বা বন্ধ কৰিবলৈ নিৰ্দেশ দিব নোৱাৰে।

হাৰ্ভাৰ্ডৰ সভাপতি এলান গেৰ্বাৰে শেহতীয়াকৈ ঘোষণা কৰিছে যে বিশ্ববিদ্যালয়খনে নিজৰ পুঁজিৰ পৰা ২৫ কোটি ডলাৰেৰে গৱেষণাৰ সহায় আগবঢ়াই যাব।

ইফালে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আন কিছুমান বিশ্ববিদ্যালয়ো আমেৰিকা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। ট্ৰাম্প প্ৰশাসনে স্পষ্ট কৰি দিছে যে “বৰ্ণবাদ বিৰোধী নীতি আৰু পেলেষ্টাইন সমৰ্থক আন্দোলনক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে কঠোৰ আৰ্থিক ব্যৱস্থা গ্ৰহণ কৰা হব।

বিশ্লেষকসকলৰ মতে, ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপে আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহৰ স্বাধীনতা, মত প্ৰকাশৰ অধিকাৰ আৰু গৱেষণাৰ ভৱিষ্যতৰ ওপৰত ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

Related News