NORTHEAST NOW (Assamese)
অসম

ডিগবৈ নাজিৰাটিং চাহ বাগিচাৰ নলাত উদ্ধাৰ প্ৰকাণ্ড নাহৰফুটুকীৰ মৃতদেহ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ June 19, 2019 12:53 pm
IMG-20190619-WA0013

তিনিচুকীয়া জিলাৰ ডিগবৈৰ নাজিৰাটিং অঞ্চলত চাহ বাগিচাৰ এটা নলাৰ ভিতৰত মঙলবাৰে এটা নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

ডুমডুমা বন সংমণ্ডলৰ অধীনৰ ২ নং নাজিৰাটিং চাহ বাগিচাৰ দৰৱ দিবলৈ অহা চাহ শ্ৰমিকে বাগান খনৰ এটা নলাত মৃত অৱস্থাত বাঘটো পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় লোকে বনবিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত বাঘটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাত ইয়াৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি বন বিভাগৰ লোকে কয়।

ইফালে বাঘটোৱে কিছুদিন ধৰি অঞ্চলটোত উপদ্ৰৱ চলাই আছিল বুলিও একাংশ স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

উল্লেখ্য যে প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰৰ খবৰে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী সকলৰ মাজত শোকৰ ছাঁ পেলাইছে। বাঘটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰিবলৈ প্ৰকৃতিপ্ৰেমী সকলে বনবিভাগক দাবী জনাইছে।