NORTHEAST NOW (Assamese)

পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান আৰম্ভ; ভেটিকানত ১৩ লাখ ভক্তৰ সমাগম

April 26, 2025 12:16 pm · এন ই নাও নিউজ, গুৱাহাটী

পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান সম্পূৰ্ণ মৰ্যাদাৰে আৰম্ভ হৈছে। ভাৰতীয় সময় অনুসৰি শনিবাৰে দিনৰ ১:৩০ বজাত পোপক সমাধিস্থ কৰা হ’ব।

অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মু, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি, ইংলেণ্ডৰ ৰাজকুমাৰ উইলিয়াম, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিগ্লিঅ’, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, ফিলিপাইনছৰ ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰকে ধৰি বিশ্বৰ নেতাসকল উপস্থিত থাকিব।

শুকুৰবাৰে নিশাৰ পৰাই চেণ্ট পিটাৰ বেচিলিকাৰ সন্মুখত শাৰী শাৰীকৈ ধৰ্মপ্ৰাণ খ্ৰীষ্টানসকলে চকুলো মচি মচি অপেক্ষা কৰি ৰৈছে। প্ৰায় আটাইকেইটা ৰাস্তা মানুহেই অৱৰোধ কৰি ৰাখিছে।

চেণ্ট পিটাৰ বেচিলিকাৰ প্ৰাসাদ চিৰিৰ খাজত প্ৰয়াত পোপ ফ্ৰান্সিছৰ বাবে চূড়ান্ত প্ৰাৰ্থনা কৰা হ’ব। অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব ৫০ জনতকৈ অধিক বিশ্ব নেতা আৰু ১১ জন ৰাজকুমাৰে।

ভেটিকানৰ ফালৰ পৰা প্ৰায় ২ লাখ ৫০ হাজাৰ লোকক চেণ্ট পিটাৰ চৌহদত থিয় দিয়াৰ ব্যৱস্থা কৰিছে। ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই শোক শোভাযাত্ৰাত প্ৰায় ১০ লাখ অনুগামীয়ে খোজ কাঢ়িব বুলিও অনুমান কৰা হৈছে।

পোপৰ শৱদেহ কঢ়িয়াই অনা কফিনটো ফুলেৰে সজ্জিত গাড়ীৰে ভেটিকান চহৰৰ পৰা ৰোমৰ পথেৰে বেচিলিকা ডি চান্টা মেজিঅ’ৰলৈ লৈ যোৱা হ’ব। তাতেই পোপক সমাধিস্থ কৰা হ’ব।

Related News