NORTHEAST NOW (Assamese)

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 24, 2025 9:12 pm

‘‘অজিৎ বৰুৱা বহুবিদ্যাবিশাৰদ আছিল৷ সাহিত্যৰ উপৰি তেওঁৰ দৰ্শনত ৰাপ আছিলে, বুৰঞ্জীত ৰাপ আছিলে, বৌদ্ধ দৰ্শনৰ জ্ঞান আছিলে, চৰাই-চিৰিকটি গছ-লতাৰ বিষয়ে বিস্তৰ জ্ঞান আছিলে, খ্ৰীষ্টিয় দৰ্শনৰ বিষয়ে জ্ঞান আছিলে ৷ মুঠতে আক্ষৰিক অৰ্থতে বিদগ্ধ আছিল তেখেত৷’’ অজিৎ বৰুৱা অনুৰাগী সমাজ আৰু গুৱাহাটীৰ বেলতলা মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত বেলতলা মহাবিদ্যালয় প্ৰেক্ষাগৃহত কালি দিনৰ ১১.৩০ বজাত আয়োজিত আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ উদ্বোধন কৰি এইদৰে কয় প্ৰথিতযশা সমালোচক, কটন, গুৱাহাটী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে৷

সভাত অধ্যাপক দেৱ গোস্বামীয়ে অজিৎ বৰুৱা অনুৰাগী সমাজৰ হৈ গ্ৰকাশন প্ৰতিষ্ঠান অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰি উলিওৱা বিগত দহ বছৰৰ অজিৎ বৰুৱা স্মাৰক বক্তৃতাৰ সংকলন ‘অজিৎ বৰুৱা স্মাৰক বক্তৃতা : ২০১৬-২০২৫’ শীৰ্ষক গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰি কয়— ‘‘শ্ৰীমন্ত শংকৰদেৱৰ বৈদগ্ধ্যৰ দৰেই অজিৎ বৰুৱাৰ বৈদগ্ধ্যও মন কৰিবলগীয়া৷ তেখেতৰ বৈদগ্ধ্যৰ বিবিধ দিশ আলোচিত এই সংকলন নিঃসন্দেহে আমাৰ সাহিত্যৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপেই বিবেচিত হ’ব৷’’

আনহাতে, আজিৰ সভাতে দশম বাৰ্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সমালোচক, নগাঁৱৰ পুৰণিগুদামৰ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ কমল শইকীয়াই৷ ‘অজিৎ বৰুৱাৰ এলিয়ট চৰ্চা আৰু সাম্প্ৰতিক মাৰ্কিন কবিতা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি ডঃ শইকীয়াই কয়— ‘‘বিদ্যায়তনিক জগতৰ সৈতে দীঘলীয়া সংযোগ নথকা সত্ত্বেও কবি অজিৎ বৰুৱাৰ সৃষ্টিশীল আৰু গৱেষণামূলক কামত আমি লক্ষ্য কৰোঁ এক বিৰল স্বচ্ছতা আৰু বিদ্যায়তনিক শৃংখলা৷ এলিয়টৰ কবিতা আৰু কাব্যতত্ত্বক অজিৎ বৰুৱাদেৱে যিটো পৰ্য্যায়ত হৃদয়ংগম কৰিলে সেয়া একে সময়তে প্ৰেৰণা, জিজ্ঞাসা আৰু সমালোচনাত্মক গভীৰ অধ্যয়ন আৰু উপলব্ধিৰ বিষয়৷ এই কথাটো বিস্তৃত আলোচনাৰে প্ৰতিষ্ঠা কৰিব পৰাটো হয়তো এতিয়াও আমাৰ বাবে এটা ডাঙৰ বৌদ্ধিক প্ৰত্যাহ্বান৷’’ ডঃ শইকীয়াই অজিৎ বৰুৱাৰ এলিয়ট চৰ্চাৰ বিভিন্ন দিশৰ বিস্তৃত পৰ্য্যালোচনাৰ উপৰি অতি সাম্প্ৰতিক আমেৰিকান কবিতাৰ ওপৰতো আলোকপাত কৰে৷

অনুষ্ঠানত অজিৎ বৰুৱাৰ এমুঠি নিৰ্বাচিত কবিতা আবৃত্তি কৰি সভাগৃহৰ শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰে খ্যাতনামা চলচ্চিত্ৰ পৰিচালক, নাট্যশিল্পী, আবৃত্তিকাৰ ডাঃ সান্ত্বনা বৰদলৈ আৰু নৱাগত আবৃত্তিকাৰ কিংকৰ বৰাই৷ অনুষ্ঠানৰ আৰম্ভণিতে সমৱেত ৰাইজক আদৰণি জনায় বেলতলা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অজিত বৰকটকীয়ে৷ স্মাৰক বক্তৃতাৰ পাছত অজিৎ বৰুৱা অনুৰাগী সমাজৰ সভাপতি, বিশিষ্ট কবি ৰাজীৱ বৰুৱায়ো আগবঢ়ায় নিজৰ বক্তব্য৷ আৰম্ভণিৰেপৰা শেষলৈ সমগ্ৰ অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰে আবৃত্তিকাৰ কাকলি বৰাই৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বেলতলা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহঃ অধ্যাপিকা ৰশ্মিৰেকা হাজৰিকাই৷

Related News