NORTHEAST NOW (Assamese)

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম আৰু অসমীয়াৰ হৃদয়ৰ আপোন শিল্পী, গীতিকাৰ, সুৰকাৰ, অভিনেতা, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগতে কংগ্ৰেছ দলৰ সৰ্বভাৰতীয়ে নেতাসকলেও গভীৰ শোক প্ৰকাশ কৰিছে।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিগৰাকী নেতাই মহান অসমীয়া শিল্পীগৰাকীৰ অকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আনহাতে, এক শোকবাৰ্তাত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ”আমাৰ প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আপোন আৰু গৌৰৱৰ প্ৰতীক জুবিন গাৰ্গ ডাঙৰীয়াৰ ছিংগাপুৰত দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যু হোৱাৰ খবৰ লাভ কৰি মই বাকহীন হৈ পৰিছো। শোক প্ৰকাশ কৰিবলৈ এই মুহূৰ্তত মই কোনো ভাষা বিচাৰি পোৱা নাই। তেওঁৰ এই অকাল বিয়োগত আমি সংগীত জগতৰ এটুকুৰা অমূল্য সম্পদ হেৰুৱালো। আমি এজন স্বাভিমানী অসমীয়া হেৰুৱালো। জুবিনদাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।’’

ইফালে, এই দুসংবাদ লাভ কৰা মাত্ৰকে কোকৰাঝাৰত চলি থকা কংগ্ৰেছ দলৰ প্ৰচাৰ সভাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি সভাত উপস্থিত থকা সকলোৱে শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি আৰু বিদেহী আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা জনায়। ইয়াৰ লগতে আজিৰ দিনটোৰ বাবে বাকী থকা কংগ্ৰেছ দলৰ সকলো নিৰ্বাচনী সভা বাতিল কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেন বৰা ৰিপুণ বৰা প্ৰমুখ্যে সকলোৱে আজিৰ এই বিষদাৰ দিনটোত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে।

ৰাজীৱ ভৱনতো আজি সন্ধিয়া বন্তি প্ৰজ্বলন আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে আঁত ধৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সকলো জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে।

অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আজি এক বিবৃতিত এই মহান শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related News