NORTHEAST NOW (Assamese)
দেশ

২৯৪ টা সমষ্টিতে আগবঢ়াব প্ৰাৰ্থিত্ব : পশ্চিম বংগত এইবাৰ অকলে যুঁজিব কংগ্ৰেছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2026 10:13 am

আগন্তুক পশ্চিম বংগ বিধানসভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰি কংগ্ৰেছে ৰাজ্যখনৰ আটাইকেইখন অৰ্থাৎ ২৯৪ খন আসনতে স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

এইবাৰ নিৰ্বাচনত কংগ্ৰেছে চি পি আই (এম) নেতৃত্বাধীন বামপন্থী ফ্ৰণ্ট বা তৃণমূল কংগ্ৰেছৰ সৈতে কোনো ধৰণৰ আসন বুজাবুজি নকৰে। নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ কাৰ্যনিৰ্বাহক কমিটিৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত পশ্চিম বংগৰ প্ৰদেশ কংগ্ৰেছ সভাপতি শুভংকৰ চৰকাৰ, প্ৰাক্তন সভাপতি অধীৰ ৰঞ্জন চৌধুৰী আৰু পশ্চিম বংগৰ একমাত্ৰ কংগ্ৰেছ সাংসদ ইছাক খান চৌধুৰী উপস্থিত আছিল।

বৈঠকৰ অন্তত পশ্চিম বংগৰ দলীয় ইন-চাৰ্জ গোলাম আহমেদ মীৰে সাংবাদিকৰ আগত ঘোষণা কৰে যে আগন্তুক নিৰ্বাচনত দলে কোনো শক্তিৰ সৈতে মিত্ৰতা নকৰে। এই বৈঠকত ৰাহুল গান্ধী আৰু কে চি বেণুগোপালৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলো উপস্থিত আছিল।

গোলাম আহমেদ মীৰে জনোৱা মতে পশ্চিম বংগত পূৰ্বতে কৰা মিত্ৰতাৰ তিক্ত অভিজ্ঞতাই তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকলক বহুখিনি দুৰ্বল কৰি তুলিছে। সেয়েহে ৰাজ্যিক নেতৃত্বৰ সৈতে আলোচনা কৰি এইবাৰ সকলো আসনতে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নিৰ্বাচনৰ প্ৰস্তুতি এতিয়াৰে পৰা এই লক্ষ্য আগত ৰাখিয়েই আৰম্ভ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

জ্যেষ্ঠ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত দলৰ হাই কমাণ্ডৰ পৰা আহিছে। তেওঁ বাওঁপন্থী দলৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী আছিল যদিও দলৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ মৰ্মেই এইবাৰ তেওঁলোকে আগবাঢ়িব। নিৰ্বাচনী ফলাফল যিয়েই নহওক কিয়, দলৰ এই সিদ্ধান্তই ৰাজ্যখনত কংগ্ৰেছৰ স্থিতি অধিক শক্তিশালী কৰিব বুলি নেতৃত্বই আশা প্ৰকাশ কৰিছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ২০১৬ চনৰ পৰা বাওঁফ্ৰণ্ট আৰু কংগ্ৰেছৰ মাজত আসন বুজাবুজিৰ মূল কাণ্ডাৰী আছিল চি পি আই (এম)ৰ প্ৰয়াত সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু অধীৰ ৰঞ্জন চৌধুৰী। বৰ্তমান য়েচুৰীৰ বিয়োগৰ পিছত বাওঁ দলসমূহৰ মাজত এনে কোনো প্ৰভাৱশালী নেতা নাই যিয়ে কেন্দ্ৰীয় নেতৃত্বক কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে সৈমান কৰাব পাৰে। আনহাতে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধীৰ ৰঞ্জন চৌধুৰীৰ প্ৰভাৱ পূৰ্বতকৈ হ্ৰাস পোৱাৰ বাবেই এনে এক ঐতিহাসিক সিদ্ধান্ত লোৱা হ’ল বুলি চৰ্চা চলিছে।