NORTHEAST NOW (Assamese)
Popular Stories

অক্টোবৰৰ মাজ ভাগত বিশ্ববাসীৰ বাবে উপলদ্ধ হ’ব কোভিড ভেকচিন : মাৰ্কিন সংস্থাৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 2:22 pm
Nagaland-COVID19-1-1140x570

অক্সফোৰ্ড আৰু ৰাছিয়াৰ কোভিড ভেকচিনৰ পিছত এইবাৰ বজাৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোভিড ভেকচনি!

ভাৰতৰ চিৰাম আৰু ছুইডিছ আষ্ট্ৰাজেনাকাৰৰ অক্সফোৰ্ড ভেকচিনটো ভাৰতত তৃতীয় তথা অন্তিমটো ট্ৰায়েলৰ বাবে সাজু হৈ থকাৰ মাজতে ৰাছিয়াই ঘোষণা কৰিছিল যে তেওঁলোকে কোভিড ভেকচিন আৱিষ্কাৰ কৰি উলিয়াইছে।

ৰাছিয়াই আৰু দাবী কৰিছিল যে সেই ভেকচিনটোৰ বাণিজ্যিকভাৱে উৎপাদনো আৰম্ভ কৰিছে।

তেনে সময়তে এইবাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা সংস্থাই দাবী কৰিছে যে তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা কোভিড ভেকচিন অহা অক্টোবৰ মাহৰ মাজ ভাগত বিশ্ববাসীৰ বাবে মুকলি কৰি দিয়া হ’ব!।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মাৰ্কিন ভেকচিন ফাইজাৰ ইন্ছৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ ইতিমধ্যে সম্পন্ন হৈ গৈছে।

পৰীক্ষণত সামান্য পাৰ্শ্বক্ৰিয়া থাকিলেও ফাইজাৰৰ ভেকচিনটোৰ পৰীক্ষণ সফল হোৱা দাবী কৰিছে ফাইজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া আলবাৰ্ট বুৰ্লাৰে।

আনহাতে মাৰ্কিন ভেকচিন প্ৰস্তুতকাৰী সংস্থা মৰ্ডানাই প্ৰস্তুত কৰা ফাইজাৰৰ ভেকচিনটোৰ তৃতীয় পৰ্যায় পৰীক্ষণ সম্পন্ন কৰা হ’ব ৩০ হাজাৰ স্বেচ্ছাসেৱকৰ শৰীৰত। আৰু এই পৰীক্ষণ সফল হ’লেই ফেইজাৰে অহা অক্টোবৰৰ মধ্য ভাগত ভেকচিনটো বিশ্ববাসীলৈ আগবঢ়াব।

ফাইজাৰৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে প্ৰথম পৰ্যায়ৰ পৰীক্ষণত ভেকচিনটোৱে পৰীক্ষণ কৰা স্বেচ্ছাসেৱকৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ এণ্টিব’ডী তৈয়াৰ কৰিবলৈ সক্ষম হৈছে।

তেওঁ লগেত জনায় যে অক্টোবৰৰ মাজ ভাগতে ভেকচিনটোৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ সমস্ত প্ৰতিবেদন বিস্তাৰিত ৰূপত ৰেগুলেটৰী কমিটিত জমা দিয়া হ’ব।

মাৰ্কিন ভেকচিন প্ৰস্তুতকাৰী সংস্থা মৰ্ডানাই জাৰ্মান বায়’টেকনোলজী সংস্থা বায়’টেকৰ সৈতে ফাইজাৰৰ ভেকচিনটোৰ ডিজাইন কৰিছিল।

ফাইজাৰৰ দুই ড’জ ভেকচিনটোৰ বজাৰ মূল্য প্ৰায় ১ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে। ইফালে অক্সফোৰ্ডে তেওঁলোকৰ ভেকচিনটো ২২৫ টকাত দিয়া হ’ব বুলি জনাইছিল আৰু ভাৰতত আৰু ১০০ টকাৰ ৰেহাই দিয়া হ’ব পাৰে জানিব পৰা গৈছে!