NORTHEAST NOW (Assamese)

প্ৰতিবাদৰ মাজতে কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে ইউনিফৰ্মৰ ৰং; পৰিধান কৰাটো বাধ্যতামূলক

July 21, 2019 12:51 pm · এন ই নাও নিউজ
Updated: July 21, 2019 12:56 pm

অসমৰ শৈক্ষিক জগতক শতিকাজুৰি নেতৃত্ব দি অহা ঐতিহ্য মণ্ডিত কটন বিশ্ববিদ্যালয় (পূৰ্বে কটন কলেজ)ৰ ১১৯ বছৰীয়া পৰম্পৰাক ভংগ কৰি নতুনত্ব দিয়াৰ চেষ্টা কৰা বিশ্ববিদ্যায়খনৰ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে ইউনিফৰ্মৰ ৰং।

ছাত্ৰ-ছাত্ৰীৰ দাবী, প্ৰতিবাদক আওকাণ কৰি ১৯ জুলাইত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পুনৰ ইউনিফৰ্ম বাধ্যতামূলক কৰি এক জাননী জাৰি কৰে।

বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা ইউনিফৰ্মৰ ৰং অনুসৰি ছাত্ৰীয়ে পিন্ধিব লাগিব ব্লু ষ্ট্ৰিপড কুৰ্তা, গাঢ় নীলা ট্ৰাউজাৰ আৰু ক’লা ৰঙৰ জোতা। লগতে কুৰ্তাৰ বাহুৰ ওপৰত বিশ্ববিদ্যালয়ৰ লগ’ থাকিব। ইয়াৰ বিপৰীতে ছাত্ৰসকলে পিন্ধিব লাগিব ব্লু ষ্ট্ৰিপড ছাৰ্ট, গাঢ় নীলা ট্ৰাউজাৰ, ক’লা ৰঙৰ বেল্ট আৰু ক’লা ৰঙৰ জোটা।

ইফালে ইউনিফৰ্ম বিতৰ্কই লগ এৰা নাই কটন বিশ্ববিদ্যালয়ক। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননী যোগে নিৰ্ধাৰণ কৰি দিয়া ইউনিফৰ্ম উচ্চতমৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে ১ আগষ্টৰ পৰা পৰিধান কৰিব লাগিব বুলি আৰু ই বাধ্যতামূলক বুলি উল্লেখ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিবাদৰ জোৱাৰ উঠিছে।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতাৰ সাধাৰণ সম্পাদক প্ৰাঞ্চল কলিতাই কয় যে, ‘বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নতুনকৈ নিৰ্ধাৰণ কৰি দিয়া ইউনিফৰ্ম তথা ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে গ্ৰহণ কৰা এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব।’ লগতে এই সিদ্ধান্তৰ বিৰুদ্ধে ১ আগষ্টত উপাচাৰ্য আৰু পঞ্জীয়কৰ কাৰ্যালয় ঘেৰাও কৰা হ’ব বুলি ঘোষণা কৰিছে ছাত্ৰ একতা সভাই।

Related News