NORTHEAST NOW (Assamese)
Popular Stories

মোদীৰ প্ৰশংসাত গদ গদ হৈ এহাল দম্পতীয়ে নৱজাতকৰ নাম ৰাখিলে ‘ল’কডাউন’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2020 2:43 pm
c6ca515ee7fd135d551749c2970b629a

ক’ৰ’নাতংকৰ বাবে সমগ্ৰ দেশতে অব্যাহত আছে ২১ দিনীয়া ল’কডাউন। ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ ঘোষণা কৰিছিল ল’কডাউনৰ।

এই ল’কডাউনৰ সময়তে উত্তৰ প্ৰদেশৰ দেউৰীয়াত এহাল দম্পতিয়ে জন্ম লাভ কৰা নিজৰ নৱজাতকৰ নাম ৰাখিছে ‘ল’কডাউন’।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি উত্তৰ প্ৰদেশৰ খুকুণ্ডু নামৰ চহৰখনৰ সমীপৰ দেউৰীয়াৰ গাঁৱৰ নিৱাসী পৱন প্ৰসাদৰ পত্নী নীৰজ দেৱীক স্থানীয় খুকুণ্ডুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেওবাৰে সন্ধিয়া এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে।

নৱজাত পুত্ৰ সন্তানটিৰ দেউতাক পৱন প্ৰসাদে সমগ্ৰ দেশতে ল’কডাউন চলি থকা অৱস্থাত তেওঁৰ পুত্ৰ সন্তানটি জন্ম লাভ কৰাৰ বাবে সন্তানটিৰ নাম ‘ল’কডাউন’ ৰাখিছে।

নৱজাত পুত্ৰ সন্তানটিৰ মাতৃ নীৰজে কয়, ‘আমাৰ সন্তানৰ নাম ‘ল’কডাউন’ ৰখাৰ বাবে প্ৰথমতে মানুহে ৰসিকতা কৰিব পাৰে, কিন্তু পিছলৈ মানুহে আমাক এই সিদ্ধান্তৰ বাবে প্ৰশংসাহে কৰিবলৈ ধৰিব।’

সন্তানটোৰ পিতৃয়ে আৰু কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজত নিজকে উৎসৰ্গা কৰিছে, এনে এটা সময়ত আমাৰ নৱজাত সন্তানটিৰ নাম ‘লক’ডাউন’ ৰাখি আমি মোদীৰ এই যুঁজত জয়ী হোৱা এটা প্ৰতীকৰূপে গণ্য কৰিছো।’