NORTHEAST NOW (Assamese)

স্মাৰ্ট মিটাৰ বন্ধ, ট্ৰেডিংৰ নামত কৰা প্ৰৱঞ্চনাৰ শাস্তি প্ৰদানৰ দাবী চিপিআইৰ

September 18, 2024 7:18 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক মেৰুকৰন কৰাৰ অভিযোগ।সোনাপুৰৰ কচুতলিৰ ডিমৰীয়া অঞ্চলত হোৱা উচ্চেদ প্ৰক্ৰিয়া আইন আদালতৰ নিয়ম মানি উচ্চেদ কৰিবলৈ দাবী উত্থাপন।চি পি আইয়ে নিজৰ দলৰ মত স্পষ্ট কৰি কয় যে ট্ৰেইবেল বেল্টৰ ভূমি সংৰক্ষণ স্বাৰ্থত চি পি আই দল আছে কিন্ত উচ্চেদ প্ৰক্ৰিয়া সাম্প্ৰদায়িক দৃষ্টিকোনোৰে হ’লে নহব।

বৰ্তমান সময়ত বহিৰাগত আক্ৰমনক চি পি আইয়ে সহজ ভাৱে লোৱা নাই আৰু গৰিহনা প্ৰদান এই সমূহ আক্ৰমনৰ পৰা জাতিক সুৰক্ষা প্ৰদানৰ বাবে ৬ জনগোষ্ঠীক জনজাতিকৰনৰ দাবী কৰাৰ লগতে ৩৭০-৩৭১(ক) জৰিয়তে অসমক বিশেষ ৰাজ্যৰ মৰ্য্যদা প্ৰদান দাবী চি পি আইৰ।

অ এন জি চিৰ বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যালয় শিৱসাগৰৰ পৰা হস্তানৰ সন্ধৰ্ভটো চি পি আই সকিয়নি প্ৰদান:অ এন জি চিৰ অসম সম্পদৰ অসম বিৰোধী চক্ৰৰ বিৰোদ্ধে চি পি আইৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষনা ৩০ চেপ্তেম্বৰ তাৰিখে অ এন জি চিৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়নৰ সিদ্ধান্ত গ্ৰহন।

Related News