NORTHEAST NOW (Assamese)

এনআৰচি সম্পূৰ্ণ নকৰাকৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিৰোধিতা চিপিআই(এম)ৰ

September 26, 2025 4:44 pm · এন ই নাও নিউজ, গুৱাহাটী

বিহাৰৰ পাছত অসমতো নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী (এছআইআৰ SIR) কৰিবলৈ প্ৰস্তুতি চলাইছে।এই সম্পৰ্কে অৱগত কৰিবলৈ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই কালি,২৪ছেপ্টেম্বৰত এখন বৈঠক আহ্বান কৰে।জনতা ভৱনত অনুষ্ঠিত এই সভাত চিপিআই(এম)ৰ হৈ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমান আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰে অংশগ্ৰহণ কৰে। দলে এছআইআৰ সম্পৰ্কে স্পষ্ট অভিমত প্ৰকাশ কৰে যে অসমত এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ এছআইআৰ হাতত লোৱাৰ চিপিআই(এম) বিৰোধী।এই সম্পৰ্কে মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰি দলে কয় যে অসমত নাগৰিকত্বৰ বিষয়টোৰ এটা স্থায়ী সমাধানৰ বাবে সকলো ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট এখন পূৰ্ণাংগ এনআৰচি অপৰিহাৰ্য। এই এনআৰচিয়ে হব অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত আৰু বহিস্কাৰ বাবেও নিৰ্ভৰযোগ্য ভিত্তি। সেয়ে অসমত এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিহে ভোটাৰ তালিকাৰ ব্যাপক সংশোধনীৰ কাম হাতত লবলৈ দলে দাবী জনায়।

ডিভোটাৰৰ সমস্যাটো উল্লেখ কৰি অভিযোগ কৰা হয় যে বিদেশী ন্যায়াধিকৰণে বহুতো ডিভোটাৰক ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰাৰ পাছতো ভোটাৰ তালিকাত তেওঁলোকৰ নামত সন্নিৱিষ্ট হৈ থকা ডিআঁতৰোৱা নাই। এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা লবলৈ দলে দাবী জনায়।বৈঠকত মুখ্য নিৰ্বাচনী আয়ুক্তই প্ৰকাশ কৰে যে যে উচ্ছেদিত অঞ্চলৰ ভোটাৰে যদি ইতিমধ্যে সেই স্থান পৰিত্যাগ কৰি অইন ঠাইত আশ্ৰয় লৈছে তেনে হ’লে নতুন বসতি স্থানৰ ভোটাৰ কেন্দ্ৰলৈ নাম স্থানান্তৰ কৰাৰ বাবে আৱেদন  কৰিব লাগিব।অসমৰ প্ৰস্তাৱিত এছআইআৰত গ্ৰহণযোগ্য নথিৰ তালিকা এতিয়াও চূড়ান্ত কৰা হোৱা নাই বুলি তেওঁ প্ৰকাশ কৰে।

Related News