NORTHEAST NOW (Assamese)

শ্ৰীকৃষ্ণৰ প্ৰেমৰ শাশ্বত মধুৰ স্বৰেৰ মুখৰিত মাধতাৰি; গুৰুজনাৰ সৃষ্টিৰে বিতোপন চন্দ্ৰাৱলী নিশা

November 19, 2021 12:26 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

 

শ্ৰীকৃষ্ণৰ প্ৰেমৰ স্বপ্নময় কথাবস্তুৰে ৰঞ্জিত ‘কেলিগোপাল’ নাটৰ আধাৰত মঞ্চায়ন হোৱা অভিনয়ৰ মাজেৰে কলিয়াবৰৰ মাধতাৰিৰ ৰাসত আকাশ-বতাহ মুখৰিত হ’ল শ্ৰীকৃষ্ণ প্ৰেমৰ শাশ্বত মধুৰ স্বৰেৰে।

কল্পনাৰ ঐশ্বৰ্যময় সমাবেশ ঘটা ‘কেলিগোপাল’ নাটকৰে মুখৰিত হ’ল ‘শৰৎকালৰ বিতোপন চন্দ্ৰাৱলী নিশা কলিয়াবৰৰ আকাশ-বতাহ।

কলঙৰ পাৰত অনুষ্ঠিত শ্ৰীকৃষ্ণ-ৰাধাৰ ৰাসলীলাই দ্বিতীয় বৃন্দাবনলৈ পৰিণত কৰিলে কলিয়াবৰৰ মাধতাৰি গাঁও।

সমন্বিত যুৱতীৰ্থ কলিয়াবৰৰ মাধতাৰি শাখাই আয়োজন কৰা কেলিগোপাল নাটৰ ৰাস মহোৎসৱত অগণন দৰ্শকৰ উপস্থিতিয়ে গুৰুজনাৰ সৃষ্টিৰাজিক পুনৰ জিলিকাই তুলিলে।

মন্ত্ৰিত্বৰ কৰ্ম ব্যস্ততাৰ মাজতে শ্ৰীকৃষ্ণৰ চৈতন্য প্ৰেমৰ ৰাসলীলা উপভোগ কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তইও।

‘আহা আহা সখী সৱ বৃন্দাবনে যাওঁ’ শ্ৰতিমধুৰ ছন্দোময় গীতৰ অনুৰণনে একপ্ৰকাৰ দ্বিতীয় বৃন্দাবনলৈ পৰিণত কৰে কলিয়াবৰৰ মাধতাৰি গাঁও।

পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনটোতে ঐতিহ্যমণ্ডিত কলিয়াবৰতো আৰম্ভ হৈছে ৰাস উদযাপন। সমন্বিত যুৱতীৰ্থ কলিয়াবৰৰ মাধতাৰি শাখাই আয়োজন কৰা কেলিগোপাল নাটৰ মঞ্চয়ানেৰে কলিয়াবৰত প্ৰথম দিনৰ ৰাস অনুষ্ঠিত হৈছে।

 এনেদৰেই কলিয়াবৰৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ প্ৰেমৰ স্বপ্নময় কথাবস্তুৰে ৰঞ্জিত ‘কেলিগোপাল’ নাটৰ আধাৰত মঞ্চায়ন হব গুৰুজনাৰ “কেলিগোপাল” নাট।

Related News