NORTHEAST NOW (Assamese)
অসম

লকডাউনত মাছ কিনিবলৈ ব্যক্তিগত বাহন লৈ অহা গ্ৰাহকৰ বিলৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 11, 2020 12:51 pm
WhatsApp Image 2020-04-11 at 12.11.20 PM

মহানগৰীৰ ফিছফেডত নিজৰ ব্যক্তিগত বাহন বিশেষকৈ দুচকীয়া বাহন লৈ মাছ কিনিবলৈ আহি বিপাঙত পৰিল একাংশ লোক।

চৰকাৰৰ মীন বিভাগে যোগান ধৰা মাছ ক্ৰয় কৰি এসাজ ভালদৰে খাম বুলি একাংশই বাইক, স্কুটী লৈ ওলাই আহিছিল।

কিন্তু খোজ কাঢ়ি নাহি বাইক স্কুটী লৈ অহাটোৱে তেওঁলোকৰ ভুল হ’ল।

ভঙাঘৰ যান-বাহন আৰক্ষীয়ে পুৱাৰ পৰা তেনে বহুকেইখন বাইক জব্দ কৰি থানালৈ লৈ যায়। এদিনৰ বাবে বাহনসমূহ থানাত জব্দ কৰি ৰাখিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়াৰ লগতে বাহন কেইখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও জনায়।

উক্ত অঞ্চলৰ এজন লোকে নিজৰ AS 01DH 6554 নম্বৰৰ স্কুটীখন লৈ মাছ ক্ৰয় কৰিবলৈ অহাৰ উপৰিও চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ অহা বুলি অজুহাত দেখুৱাইছিল।

কিন্তু লোকজনে আৰক্ষীক ছিলিণ্ডাৰ বুকিং কাৰ্ডখন প্ৰদৰ্শন কৰিব নোৱাৰিলে। সেয়েহে লোকজনৰ স্কুটীখন ক্ৰেনেৰে উঠাই একেবাৰে লৈ গ’ল ভঙাঘৰ থানালৈ।

এইদৰে উপায় নাপাই মাছ ক্ৰয় কৰা বাদ দি বহু লোক শুদা হাতেৰে ঘৰলৈ যাবলগীয়া হয়।

WhatsApp Image 2020-04-11 at 12.11.21 PM
ৰূপনগৰস্থিতি ফিছফেডত বিক্ৰী কৰি থকা লোকেল মাছ। ফটো: নৰ্থইষ্ট নাও

এগৰাকী কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি লকডাউনৰ সময়ছোৱাত মাছ ক্ৰয় বা অন্য সামগ্ৰী ক্ৰয় কৰিবলৈ হ’লে খোজকাঢ়ি আহিব লাগে।

আনহাতে, এগৰাকী গ্ৰাহকৰ যুক্তি “আমি জু ৰোডৰ পৰা আহিলে ইমান দূৰ কেনেকৈ খোজ কাঢ়ি আহিম?”

মহানগৰীৰ ৰূপনগৰৰ ফিছফেডত পুৱা ৫ বজাৰ পৰা পৰা মাছ ক্ৰয় কৰাৰ বাবে গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হ’ল। ফিছফেডৰ যুটীয়া সঞ্চালক ডঃ ধ্ৰুৱজ্যোতি শৰ্মাই জনোৱা অনুসৰি কালিৰ দিনটোত প্ৰায় ১১০০ লোক মাছ ক্ৰয় কৰিবলৈ  ফিছফেডলৈ আহিছিল। লগতে কালিৰ দিনটোত মুঠ ১১ কুইণ্টল মাছ বিক্ৰী হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।

আজিৰ দিনটোতো পাঁচ শতাধিক লোকে মাছ ক্ৰয় কৰিবৰ বাবে শাৰী পাতি থিয় হোৱা দেখিবলৈ পোৱা গ’ল।

জানিব পৰা মতে, ভাঙোন, মিৰিকা, ৰৌ, কমন কাৰ্প, গ্লাছকাৰ্প, শ’ল আৰু কাৱৈ মাছ ইত্যাদি প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্যত মহানগৰবাসীয়ে ক্ৰয় কৰিছে।

তদুপৰি, কালিৰে পৰা মহানগৰীৰ তিনিটা পইণ্ট ক্ৰমে পাণ্ডু, জু ৰোড আৰু ভেটাপাৰা চাৰিআলিত ঘৰে ঘৰে মাছ বিক্ৰী কৰি আছে প্ৰশাসনৰ পৰা অনুমতিপ্ৰাপ্ত বেপাৰীয়ে।