NORTHEAST NOW (Assamese)
Popular Stories

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 19, 2025 12:34 pm

চাইবাৰ অপৰাধীৰ সহজ লক্ষ্য হৈ পৰিছে গুৱাহাটী মহানগৰীৰ একাংশ যুৱতী-মহিলা। ফেচবুকত গ্ৰুপ খুলি অসৎ চক্ৰই লক্ষ্য কৰি লৈছে একাংশ মহিলা-যুৱতীক।

এই চক্ৰটোৱে ফেচবুকত অশালীন গ্ৰুপ খুলি যুৱতী-মহিলাৰ ফটো আপলোড কৰি নিৰ্ধাৰণ কৰে দাম।এইবাৰ তেনে এক দুষ্টচক্ৰৰ কুকৰ্মৰ বলি হল গুৱাহাটীৰ ভেটাপাৰাৰ এগৰাকী মহিলা।

জানিব পৰা মতে, অসমীয়া বোৱাৰীৰ গোপন কথা নামৰ ফেচবুক গ্ৰুপত মহিলাগৰাকীৰ ফটো আপলোড দি অপপ্ৰচাৰ চলায় দুষ্টচক্ৰটোৱে।

অভিযোগ অনুসৰি, মহিলাৰ ফটো দেখুৱাই বহু লোকৰ পৰা অন্য নম্বৰেৰে ধন সৰকায় এই চক্ৰটোৱে।

ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাত ৰুজু কৰিছে গোচৰ। সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।