NORTHEAST NOW (Assamese)
Popular Stories

ঘোষণা কৰা হ’ল পঞ্চায়ৰ নিৰ্বাচনৰ দিন; ২ মে’ আৰু ৭ মে’ অনুষ্ঠিত হ’ব নিৰ্বাচন…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 2, 2025 5:25 pm

ঘোষণা কৰা হল পঞ্চায়ত নিৰ্বাচনৰ দিন।

ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। অসম ৰাজ্যিক নিৰ্বাচন আযোগৰ আয়ুক্ত আলোক কুমাৰে সংবাদমেলযোগে ঘোষণা কৰে দিন।

পূৰ্বৰ দৰেই পঞ্চায়ত নিৰ্বাচনত EVM ব্যৱহাৰ নহয়। বেলট পেপাৰতে অনুষ্ঠিত হল নিৰ্বাচন।

নিৰ্বাচনৰ দিনটোত ভোটিং পাৰচেণ্টটেজ অনলাইন যোগে জানিব পাৰিব।

দুটা পৰ্যায়ত অসমত অনুষ্ঠিত হব পঞ্চায়ত নিৰ্বাচন।

৩ এপ্ৰিলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ১১ এপ্ৰিলত মনোনয়ন পৰীক্ষা হব।

২ মে আৰু ৭ মেত অনুষ্ঠিত হব নিৰ্বাচন। ১১ মেত অনুষ্ঠিত হব ভোট গণনা।

পুৱা ৭:৩০ বজাৰ পৰা ৩:৩০ বজালৈ অনুষ্ঠিত হব ভোট গ্ৰহণ।

প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকা অনুষ্ঠিত হব নিৰ্বাচন।ইয়াৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব নামনি অসমত।