NORTHEAST NOW (Assamese)
Popular Stories

অপাৰ ধৈৰ্য শক্তি : এচি ৰুমত পিতৃৰ মৃতদেহ থৈ পৰীক্ষা দিবলৈ গ’ল কন্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2023 6:05 pm

দেওবাৰে তাইৰ পৰীক্ষা আছিল। পৰীক্ষা আছিল মেডিকেলৰ।  NEET পৰীক্ষাৰ দিনা ৰাতিপুৱাই শেষ নিশ্বাস ত্যাগ কৰিছিল ছোৱালীজনীৰ পিতৃয়ে।

পিতৃৰ আশা আছিল তেওঁৰ কন্যা এদিন এগৰাকী সফল চিকিৎসক হওক। পিতৃৰ  ইচ্ছা পূৰণৰ  বাবে মেডিকেলৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছিল ছোৱালীজনীয়ে। কিন্তু পৰীক্ষা দিনাই শেষ নিশ্বাস ত্যাগ কৰিলে তাইৰ ৰুগীয়া পিতৃয়ে।

কিন্তু সেই সময়ত ধৈৰ্য নেহেৰুৱালে তাই। পিতৃৰ ইচ্ছাৰ কথা মনত পেলাই মন সবল কৰি, চকুৰ চকুলো ধৰি ৰাখি ঘৰৰে এচি ৰুমত পিত[ৰ মৃতদেহ শুৱাই পৰীক্ষাত বহিলগৈ কন্যা। সুকলমে পৰীক্ষা দি পৰীক্ষা কেন্দ্ৰৰ পৰা কান্দি কান্দি ওলাই আহিল তাই। পৰীক্ষা দি ঘৰলৈ আহি শ্মশানলৈ লৈ গ’ল পিতৃৰ মৃতদেহ। শেষবাৰৰ বাবে পিতৃৰ চৰণত সেৱা আগবঢ়াই মুখাগ্নি কৰিলে তাই।

এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ ঘোষপাৰা খুদিৰামপল্লীত।

লগতে পঢ়কঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান

প্ৰয়াত ব্যক্তিগৰাকীৰ নাম হৰধন ভট্টাচাৰ্য। তেওঁ আছিল স্থানীয় বলিয়া কামদেৱপুৰ জুনিয়ৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। অসুস্থতাৰ বাবে দেওবাৰে ঘৰতে তেওঁৰ মৃত্যু হয়। হৰধনৰ পত্নী কবিতা সিং ৰায় বৰ্তমান চকদহ বাপুজী বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী।

হৰধন ভট্টাচাৰ্য আৰু কবিতা সিং ৰায়ৰ একমাত্ৰ কন্যা মহৰ। মেডিকেলৰ পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ তেওঁ ৰাজস্থানৰ কোটাৰ এটা বিখ্যাত প্ৰশিক্ষক কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

দেউতাকৰ বেমাৰৰ খবৰ লাভ কৰি এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত ৰাজস্থানৰ পৰা ঘৰলৈ আহিছিল মহৰ। এপ্ৰিল মাহতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল হৰধন ভট্টাচাৰ্যক। কিন্তু পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক ঘৰলৈ লৈ অনা হৈছিল।

লগতে পঢ়কঃ ২৫ হাজাৰ কিঃমিঃ বেগৰে আহি আছে বৃহৎ গ্ৰহাণু : খুন্দা মাৰিব নেকি পৃথিৱীত!‎

শনিবাৰে নিশা হঠাতে পুনৰ অসুস্থ হৈ পৰিছিল হৰধন ভট্টাচাৰ্য। পিছদিনা পৰীক্ষা থকা সত্বেও মাতৃৰ সৈতে গোটেই নিশা সাৰে আছিল মহৰ। কিন্তু ৰাতিপুৱা চিকিৎসাৰ ব্যৱস্থা কৰাৰ আগতেই সংসাৰৰ অধ্যায় সামৰি নেদেখা দেশলৈ গুচি গ’ল প্ৰাক্তন শিক্ষকগৰাকী।

শেষকৃত সমাপন কৰি আহি মহৰে ক’লে, ‘‘দেউতা সুস্থ হৈ থকা হ’লে মোক পৰীক্ষা কেন্দ্ৰলৈ লৈ গ’লহেঁতেন। দেউতাৰ সপোন আৰু ইচ্ছাক সন্মান জনাব খুজিয়েই মই পৰীক্ষা দিবলৈ গ’লোঁ। পৰীক্ষাৰ ফলাফল কি হ’ব নাজানো। প্ৰয়োজন হ’লে অহাবাৰ আকৌ এই পৰীক্ষাত অৱতীৰ্ণ হ’ম।’’

লগতে পঢ়কঃ নেদেখা দেশলৈ গুচি গ’ল প্ৰবীণ অবিনেতা মিহিৰজ্যোতি বৰুৱা