NORTHEAST NOW (Assamese)

অৱশেষত উদ্ধাৰ হ’ল মাজুলীৰ নাও দুৰ্ঘটনাত নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ

September 11, 2021 9:44 am · কাজি জেইদুল ইছলাম
Updated: September 11, 2021 12:11 pm
ফটো: নৰ্থইষ্ট নাও।

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ তাপুত তথা “ভাচা তাপো”ত উদ্ধাৰ হোৱা মৃতদেহটো মাজুলীৰ নাও দুৰ্ঘটনাত নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।

শনিবাৰে পুৱাই বন বিভাগৰ দলে উদ্ধাৰ কৰে মৃতদেহটো। বিশ্বনাথ ঘাটৰ কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ দল আৰু নদী আৰক্ষীৰ দলে উদ্ধাৰ কৰা মৃতদেহটোৰ পৰিধানত বগা ফুল ছাৰ্ট, জীনছ পেন্ট, জোতা, হাতঘড়ী, আঙুঠি আদি প্ৰত্যক্ষ কৰা হয়।

তদুপৰি, মৃতদেহটোৰ লগত পান কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, এটিএম কাৰ্ড আদিও উদ্ধাৰ কৰা হয়।

পৰিয়ালৰ লোকে প্ৰাথমিকভাৱে মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰাৰ পাছত নথি পত্ৰসমূহৰ পৰাও সেয়া নিশ্চিত হয়। অৱশেষত তিনিদিনৰ পাছত ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হ’ল।

 

দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা ইন্দ্ৰেশ্বৰ বৰাই পত্নীৰ লগতে আন বহুকেইজন লোকৰ জীৱন ৰক্ষা কৰিছিল। কিন্তু আনৰ জীৱন ৰক্ষা কৰিও নিজে লুইতৰ বুকুত হেৰাই গৈছিল মানৱতাৰ দূত ইন্দ্ৰেশ্বৰ বৰা।

Related News