NORTHEAST NOW (Assamese)

যোৰহাটত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু কোভিডত হোৱা নাই বুলি ঘোষণা কৰ্তৃপক্ষৰ

July 20, 2020 8:18 am · স্মিতা ভট্টাচাৰ্য

শেহতীয়াকৈ যোৰহাটত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। এনে সময়তে কোভিডত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত্যু কোভিডত নহয় বুলি ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে কোভিডত আক্ৰান্ত ৮০ বছৰীয়া বৃদ্ধা অঞ্জু চেতিয়াৰ।

কিন্তু শেহতীয়াকৈ যোৰহাট জিলা প্ৰশাসন কৰ্তৃপক্ষই বৃদ্ধা গৰাকীৰ মৃত্যু কোভিডত হোৱা নাই বুলি ঘোষণা কৰিছে।

যোৰহাটৰ জিলা উপায়ুক্ত ৰোশনী এ কৰাতিয়ে প্ৰকাশ কৰা অনুসৰি ডেথ অডিট ব’ৰ্ডৰ প্ৰট’কল মতে মহিলা গৰাকীৰ মৃত্যু কোভিডত হোৱা নাই।

ইয়াৰ পূৰ্বেও তিতাবৰৰ তালেবুদ্দিন আহমেদৰ মৃত্যু কোভিডত হোৱা নাছিল বুলি ডেথ অডিট ব’ৰ্ডৰ প্ৰট’কল মতে ঘোষণা কৰা হৈছিল।

হৃদৰোগতো আক্ৰান্ত হৈ থকা আহমেদৰ ১৪ জুনত যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত হৈছিল।

অৱশ্যে দুয়ো গৰাকী ব্যক্তিৰে সৎকাৰ কোভিড প্ৰট’কল অনুসৰি কৰা হৈছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ১২ জুলাইত প্ৰথম গৰাকী কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটিছিল।

সেইদিনা আশিষ চাহেৱালা নামৰ ৩৮ বছৰীয়া লোক জনৰ কোভিডত মৃত্যু হৈছিল।

যোৰহাটত এতিয়ালৈকে ৭৯৮ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।

Related News