NORTHEAST NOW (Assamese)

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm ·
Updated: August 19, 2025 11:33 pm

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এগৰাকী নৱজাতকৰ কৰুণ মৃত্যু হোৱাৰ লগতে তিনিটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ ঘটনাই সকলোকে স্তম্ভিত কৰিছে।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন(ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে এই মৰ্মান্তিক আৰু হৃদয় বিদাৰক  ঘটনাত দুখ প্ৰকাশ কৰিছে আৰু এয়া চৰকাৰী চিকিৎসা ব্যৱস্থাৰ অৰাজক আৰু দায়িত্বহীনতাৰ মুক্ত প্ৰকাশ বুলি অভিহিত কৰিছে।

ডি ৱাই এফ আইয়ে চিকিৎসা মহাবিদ্যালয়খনৰ শিশু মৃত্যুৰ ঘটনা সম্পৰ্কত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যৰ মন্তব্যকো কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে অযোগ্য স্বাস্থ্যমন্ত্ৰীজনৰ পদত্যাগ দাবী কৰিছে। মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ স্বাস্থ্যমন্ত্ৰী থকাৰ পাছত ৰাজ্যৰ মূল চিকিৎসালয়খনত এনে ঘটনা কিয় ঘটিবলৈ পালে বুলিও ডি ৱাই এফ আইয়ে প্ৰশ্ন উত্থাপন কৰিছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ পৰিচালনা আৰু বিষয়া-কৰ্মাচাৰীৰ ব্যৱহাৰ সম্পৰ্কত দীৰ্ঘদিনৰ পৰাই নানা অভিযোগ উঠি আহিছিল। দূৰদূৰণিৰ পৰা অহা বহু প্ৰসূতি আৰু তেওঁলোকৰ আত্মীয়ই ৰূঢ় ব্যৱহাৰৰ মুখামুখি হয়। প্ৰসূতি আৰু সদ্যজাতৰ আদৰ-যতন কৰাৰ ক্ষেত্ৰতো অৱহেলাৰ মুখামুখি হয় বুলিএ অভিযোগ আছে। ৰাজ্যৰ মূল চিকিৎসালয়খনকে সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰা স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে ইয়াৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা উচিত। দীৰ্ঘদিনৰ স্বাস্থ্যমন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক ক্ষমা খুজি সমগ্ৰ বিষয়টোৰ উচিত তদন্ত কৰা উচিত। কেৱল কেইজনমান ট্ৰলি পুলাৰক গ্ৰেপ্তাৰ কৰি যাতে মূল বিষয়টো গাপ নিদিয়ে তাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী কৰিছে। চিকিৎসালয়ৰ ভুলৰ বাবে সন্তানহাৰা হ’বলগীয়া হোৱা দুৰ্ভাগী পৰিয়ালটোক দহ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ ডি ৱাই এফ আইয়ে দাবী কৰিছে।ডি ৱাই এফ আইয়ে প্ৰত্যক্ষ কৰিছে যে ৰাজ্যৰ গৰিষ্ঠ সংখ্যক ৰাইজৰ আশা ভৰসাৰ স্থল- চৰকাৰী চিকিৎসালয়সমূহৰ ব্যৱস্থাপনাৰ মান আৰু চিকিৎসা সেৱা সম্পৰ্কত শেহতীয়াভাৱে অভিযোগ বৃদ্ধি পাবলৈ ধৰিছে। পৰ্যাপ্ত চিকিৎসক, চিকিৎসা কৰ্মীকে ধৰি অন্যান্য আন্তঃগাঁথনিৰ ব্যৱস্থা নকৰি কেৱল কেইটামান বৃহৎ বিল্ডিং বান্ধিয়েই বাহঃ বাহঃ ল’ব বিচৰা মানসিকতাৰ বাবে চৰকাৰী চিকিৎসালয়ত গুৰুতৰ সমস্যা সৃষ্টি হৈছে বুলি ডি ৱাই এফ আইয়ে অভিযোগ কৰিছে। শিশু মৃত্যুৰ ঘটনাৰ পৰা শিক্ষা লৈ শীঘ্ৰে চিকিৎসালয়সমূহৰ ব‍্যৱস্থাপনা উন্নত কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী কৰিছে।

Related News