NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

উত্তৰ মেচিডোনিয়াৰ নাইট ক্লাৱত সংঘটিত মাৰাত্মক অগ্নিকাণ্ড : মৃত্যুৰ সংখ্যা ৫৯ জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2025 8:15 pm

উত্তৰ মেচিডোনিয়াৰ কোচানি চহৰৰ পালছ নাইট ক্লাৱত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডত কমেও ৫৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫৫ জন লোক আহত হৈছে, ইয়াৰে বহুতৰে অৱস্থা সংকটজনক।

দেওবাৰে পুৱা স্থানীয় সময় অনুসৰি ২:৩০ বজাত হিপ-হপ কনচাৰ্ট অনুষ্ঠিত হৈ থকাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হয়।

খবৰ অনুসৰি আতচবাজী প্ৰদৰ্শনৰ সময়ত এই জুইৰ সূত্ৰপাত হয় আৰু জুই দ্ৰুতগতিত বিয়পি পৰে।

জুই লগাৰ পিছত ক্লাৱত জৰুৰীকালীন প্ৰস্থান আৰু অন্যান্য সুৰক্ষা ব্যৱস্থাৰ অভাৱত বহু লোক ভিতৰত আবদ্ধ হৈ পৰে।

প্ৰাৰম্ভিক তদন্তত ক্লাৱটোত বৃহৎ নিৰাপত্তা ভংগৰ কথা পোহৰলৈ আহিছে। ক্লাৱটো সঠিক অনুজ্ঞাপত্ৰ অবিহনে চলি আছিল আৰু ইয়াত অতিমাত্ৰা ভিৰ আছিল। যিটো ক্লাবৰ ক্ষমতাতকৈ বহু বেছি আছিল। ক্লাৱটোত অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰয়োজনীয় ব্যৱস্থাও নাছিল, যেনে সহজে প্ৰৱেশযোগ্য প্ৰস্থান আৰু অগ্নিনিৰ্বাপক যন্ত্ৰ।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰী বিষয়া আৰু ক্লাৱ মেনেজাৰকে ধৰি ১৫জন লোকক কৰ্তৃপক্ষই আটক কৰিছে। ক্লাৱটোৰ পৰিচালনাত দুৰ্নীতি আৰু উৎকোচৰ জৰিয়তে নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে।

উত্তৰ মেচিডোনিয়াৰ গৃহমন্ত্ৰী পান্সে ছাকোভস্কিয়ে নিশ্চিত কৰিছে যে এই কাণ্ডৰ তদন্তত আটক কৰা ১৫ জন লোকক সোধ-পোছ কৰা হব।