NORTHEAST NOW (Assamese)
অসম

পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ পৰলোক গমন : অসমৰ সাংবাদিকতাৰ এটা যুগৰ সমাপ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 15, 2025 8:11 am

বিশিষ্ট সাংবাদিক তথা ‘দ্য আছাম ট্ৰিবিউন’ গোষ্ঠীৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান ঘটিছে। তেওঁ বাৰ্ধক্যজনিত কাৰণত ৯৪ বছৰ বয়সত দেওবাৰে নিশা প্ৰায় ৯.৪০ বজাত গুৱাহাটীৰ এপ’লো হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁৰ মৃত্যুত অসমৰ সংবাদ জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে। ‘দ্য আছাম ট্ৰিবিউন’ কাকতৰ প্ৰতিষ্ঠাপক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ সুযোগ্য পুত্ৰ হিচাপে প্ৰফুল্ল গোবিন্দ বৰুৱাই দীৰ্ঘদিন ধৰি অসমীয়া সংবাদ মাধ্যমৰ ভেঁটি সবল কৰাত উল্লেখনীয় ভূমিকা পালন কৰি আহিছিল।

১৯৩২ চনৰ ২৬ জুলাইত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা বৰুৱাই সাংবাদিকতাৰ লগতে শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰতো বিশেষ বৰঙণি যোগাইছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ এই অৱদানক স্বীকৃতি দি ভাৰত চৰকাৰে ২০১৮ চনত তেওঁক দেশৰ অন্যতম উচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰিছিল। শেহতীয়াকৈ, যোৱা ৩ ফেব্ৰুৱাৰী মাহত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰীও প্ৰদান কৰিছিল।

প্ৰায় এসপ্তাহ ধৰি চিকিৎসাধীন হৈ থকাৰ পাছত বৰুৱাদেৱে ইহলীলা সম্বৰণ কৰে। শোকসন্তপ্ত পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, সোমবাৰে তেওঁৰ নশ্বৰ দেহত গুণমুগ্ধ আৰু বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধা জনোৱাৰ পাছতে আনুষ্ঠানিকভাৱে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।