NORTHEAST NOW (Assamese)

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

January 26, 2021 3:58 pm · এন ই নাও নিউজ

আজি দেশৰ গণৰাজ্য দিৱসৰ পেৰেড অনুষ্ঠানত বায়োটেকন’লোজি বিভাগে প্ৰতীকপদ হিচাপে কোভিড ভেকচিনৰ বিকাশৰ পৰ্যায় সমূহ উপস্থাপন কৰে।

বায়োটেকন’লোজি বিভাগৰ প্ৰতীকপদৰ মূল বিষয়স্তু হৈছে ‘আত্ম-নিৰ্ভৰ ভাৰত অভিযান: কোভিড’।

প্ৰতীকপদটোৰ সন্মুখৰ ভাগত এগৰাকী বিজ্ঞানীক কোভিড ভেকচিনৰ সৈতে সুন্দৰভাৱে উপস্থাপন কৰা দেখা গৈছে।

আনহাতে, প্ৰতীকপদটোৰ নিম্নভাগত কোভিড ভেকচিন বিকাসৰ বিভিন্ন স্তৰ তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।

সমগ্ৰ বিশ্বত কোভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ত ভাৰতেও অন্যান্য উন্নত দেশ সমূহৰ সৈতে ফেৰ মাৰি কোভিড ভেকচিন বিকাশৰ বাবে কাম কৰিছিল।

পৰৱৰ্তী সময়ত ভাৰত বায়োটেক আৰু আই চি এম আৰে যুটীয়াভাৱে কোভাক্সিন নামৰ ভাৰতৰ থলুৱা কোভিড ভেকচিন প্ৰস্তুত কৰি উলিয়াই আৰু ভাৰতত ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰো অনুমতি দিয়া হয়।

ইয়াৰোপৰি, অক্সফোৰ্ডৰ সৈতে পুনেৰ চেৰাম ইষ্টিটিউটে কোভিশ্বিল্ড ভেকচিনৰো বিকাশৰ বাবে একেলগে কাম কৰে।

সমগ্ৰ বিশ্বত ভাৰতে কোভিডৰ ভেকচিন বিকাশ আৰু নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে।

Related News