NORTHEAST NOW (Assamese)

ভূমিকেন্দ্ৰিক বিবাদৰ বিষম পৰিণতি! থানাতে পুত্ৰই মাতৃক কৰিলে অগ্নিসংযোগ, মৃত্যু মহিলাৰ

July 17, 2024 11:04 am · এন ই নাও নিউজ, গুৱাহাটী

ভূমিকেন্দ্ৰিক বিবাদে ল’লে এক চূড়ান্ত ৰূপ! মাতৃ-পুত্ৰই থানালৈ আহিছিল পাৰিবাৰিক বিবাদ নিষ্পত্তি কৰিবলৈ। অভিযোগ অনুসৰি তাতেই তেওঁৰ পুত্ৰই মাতৃক অগ্নিসংযোগ কৰে। উত্তৰ প্ৰদেশৰ আলিগড়ৰ খাইৰ থানা অঞ্চলত এই ঘটনা সংঘটিত হৈছে।

ভূমি বিবাদ নিষ্পত্তি কৰিবলৈ খাইৰ আৰক্ষী থানাই মাক আৰু পুত্ৰক মাতি আনে। মঙলবাৰে দুপৰীয়াৰ ভাগত পুত্ৰৰ সৈতে থানাত হাজিৰ হয় হেমলতা নামৰ মহিলাগৰাকী। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিন ধৰি পাৰিবাৰিক সমস্যাৰ বাবে দুয়োজনৰ মাজত সমস্যাৰ সৃষ্টি হৈছিল। আনকি হেমলতাই পুত্ৰৰ নামত থানাত এফআইআৰ দাখিল কৰে। আৰক্ষীয়ে দুয়োপক্ষক ফোন কৰি বিবাদ নিষ্পত্তি কৰে। কিন্তু আৰক্ষীৰ হস্তক্ষেপতো সমস্যাৰ সমাধান নহ’ল। ফলত আৰক্ষীৰ সন্মুখত দুয়োৰে মাজত তৰ্ক-বিতৰ্ক হয়। অভিযোগ অনুসৰি, সেই সময়ত তেওঁৰ পুত্ৰ গৌৰৱে মাতৃক জুই লগাই দিয়ে

সমগ্ৰ ঘটনাটো থানাৰ চিচিটিভি কেমেৰাত ধৰা পৰে। দেখা গৈছে এজন যুৱকে হঠাতে মহিলাগৰাকীৰ ওপৰত পেট্ৰল ঢালি দিয়ে। ইয়াৰ পাছত কোনোৱে একো গম পোৱাৰ আগতেই হাতত থকা লাইটাৰ এটাৰে পুত্ৰই মাতৃক জুই লগাই দিলে। আৰক্ষীৰ দলটোৱে তৎপৰতাৰে জুই নিৰ্বাপন কৰি মহিলাগৰাকীক বচাবলৈ চেষ্টা কৰে। কিন্তু যেতিয়ালৈকে তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছিল তেতিয়ালৈকে মহিলাগৰাকীৰ শৰীৰৰ ৪০ শতাংশ অংশ জ্বলি গৈছিল।

আৰক্ষীয়ে জ্বলি যোৱা মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু তেওঁক ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৌৰৱক। আৰক্ষী অধীক্ষক সঞ্জীৱ সুমনে জনোৱা মতে, পুত্ৰই থানাৰ ভিতৰতে মাতৃগৰাকীক জুই লগাই দিয়ে। পৰিয়ালৰ মাটিক লৈ মাক-পুত্ৰৰ মাজত বিবাদ দীৰ্ঘদিন ধৰি চলি আছিল। এফ আই আৰও দাখিল কৰা হয়। এই বিবাদ নিষ্পত্তি কৰিবলৈ দুজন লোকক থানালৈ মাতি অনা হয়। এনে ঘটনা সংঘটিত হৈছিল। এই অগ্নিকাণ্ডত কেইবাজনো আৰক্ষী জোৱানো আহত হয়।

Related News