NORTHEAST NOW (Assamese)
দেশ

ভয়ানক দুৰ্ঘটনাৰ সন্মুখীন ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ পৰিচালক আৰু নায়িকা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2023 2:48 pm
ভয়ানক দুৰ্ঘটনাৰ সন্মুখীন ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ পৰিচালক আৰু নায়িকা!

মুক্তিৰ পূৰ্বেও ‘দ্য কেৰেলা ষ্ট’ৰী’ক লৈ বিতৰ্কৰ অন্ত নাই। আলোচনা, সমালোচনাৰ লগতে আনকি মৃত্যুৰ ভাবুকিও লাভ কৰিছে চিনেমাখনৰ পৰিচালক আৰু কলা-কুশলী সকলে।

ইয়াৰ পিছতে এইবাৰ পৰিচালক সুদীপ্ত সেন আৰু মুখ্য অভিনেত্ৰী আদা শৰ্মা ডাঙৰ বিপদৰ সন্মুখীন হৈছে।

দেওবাৰে মুম্বাইৰ কৰিম নগৰৰ এক অনুষ্ঠানলৈ গৈ আছিল ছবিখনৰ পৰিচালক তথা মুখ্য অভিনেত্ৰী আদা শৰ্মা। কিন্তু হঠাতে তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত দুয়োজন গুৰুতৰভাৱে আহত হয়। লগে লগে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।

সূত্ৰৰ পৰা জানিব পৰা মতে, এতিয়া তেওঁলোকৰ স্বাস্থ্য ভাল।

জানিব পৰা মতে, দেওবাৰে বিয়লি দুয়োজনে ‘দ্য কেৰেলা ষ্ট’ৰী’ বিষয়ক আলোচনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ওলাইছিল। কিন্তু বাটত তেওঁলোকৰ গাড়ীখনে এখন গাড়ীৰ সৈতে খুন্দা মাৰে। গুৰুতৰভাৱে আহত হয় পৰিচালক আৰু অভিনেত্ৰীগৰাকী। সময়মতে চিকিৎসালয়লৈ নিয়াৰ পিছত বৰ্তমান তেওঁলোক সুস্থ হৈ উঠিছে।

কিন্তু পৰিচালকে দুৰ্ঘটনাটোৰ বিষয়ে একো নকলে। কালি তেওঁ কয় যে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে মুম্বাইত অনুষ্ঠিত হোৱা অনুষ্ঠানত তেওঁলোক উপস্থিত থাকিব নোৱাৰিলে। লগতে তেওঁ দুখ প্ৰকাশ কৰে।