NORTHEAST NOW (Assamese)

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

June 21, 2025 8:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 21, 2025 6:56 pm

অৱশেষত স্বামী হত্যাকাৰী সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক প্ৰেৰণ কৰা হল জেললৈ।

শনিবাৰে ১৩দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় দুই অভিযুক্ত ক্ৰমে সোনম আৰু ৰাজক।

২১ জুনত অভিযুক্ত সোনম ৰঘুবংশী আৰু ৰাজা কুশৱাহাক পূব খাচী পাৰ্বত্য জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হৈছিল।

ইয়াৰ পাছতে আদালতে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, মেঘালয়লৈ হানিমুনৰ বাবে আহি স্বামী হত্যাৰ অভিযোগত অভিযুক্ত সোনম ৰঘুবংশী। এই ঘটনাৰে জড়িত তিনিজন ছুপাৰী কিলাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

Related News