NORTHEAST NOW (Assamese)
Popular Stories

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 21, 2025 6:20 pm

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েচনে এয়াৰ ইণ্ডিয়াৰ তিনিজন জ্যেষ্ঠ কৰ্মকৰ্তাক অপসাৰণৰ নিৰ্দেশ দিছে।

এইবাৰ এয়াৰ ইণ্ডিয়াৰ তিনি জ্যেষ্ঠ বিষয়াক ক্ৰু ছিডিউলিঙৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ দিলে ডিজিচিএই। ১০ দিনৰ ভিতৰত এই তিনি বিষয়াৰ বিৰুদ্ধে ডিচিপ্লিনেৰী একশ্যন লোৱাৰ নিৰ্দেশ দিছে ডিজিচিএই। ক্ৰুসকলক ডিউটি দিয়াৰ ক্ষেত্ৰত নিয়মিত ভুল কৰাৰ অভিযোগ এই তিনি বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে।

ডিজিচিএৰ নিৰ্দেশ অনুসৰি, এয়াৰ ইণ্ডিয়াই ফ্লাইট ক্ৰুৰ ছিডিউল আৰু অপাৰেচনে বহু নিয়ম উলংঘা কৰিছিল। ইয়াৰ ভিতৰত ফ্লাইট ক্ৰুৰ বাবে প্ৰয়োজনীয় লাইচেন্স, বিশ্ৰামৰ সময় আৰু ফ্লায়িং এক্সপিৰিয়েন্স (ৰেচেন্সী)ৰ নিয়মো অন্তৰ্ভুক্ত।

ডিজিচিএৰ নিৰ্দেশত কোৱা হৈছে যে এয়াৰ ইণ্ডিয়াই নিজেই এই ভুলবোৰ জনালেও এয়া ব্যৱস্থাগত ব্যৰ্থতা।

ডিজিচিএই যি তিনিজন কৰ্মকৰ্তাক চাকৰিৰ পৰা অপসাৰণৰ আদেশ দিছে, তেওঁলোক হল ডিভিছনেল ভাইচ প্ৰেছিডেণ্ট চুৰহ সিং, চীফ মেনেজাৰ (অপাৰেচন ডিৰেক্টৰেট, ক্ৰু ছিডিউলিং) পিংকী মিট্টাল আৰু ক্ৰু ছিডিউলিং-প্লেনিঙৰ পায়েল আৰোৰা।