NORTHEAST NOW (Assamese)

৪০ বছৰৰ পিছত খোলা হ’ব জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰৰ দুৱাৰ : ভিতৰত আছে ভাবিব নোৱাৰা সোণ-ৰূপ আৰু ৰত্ন-মুকুতা

July 13, 2024 12:30 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

অহা দেওবাৰে মুকলি হ’ব পুৰীৰ জগন্নাথ মন্দিৰৰ উদ্যানত থকা ৰত্নভাণ্ডাৰৰ দুৱাৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে এই প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে। সেই প্ৰতিশ্ৰুতি অনুসৰি এতিয়া মন্দিৰৰ ৰত্নভাণ্ডাৰৰ দুৱাৰ খোলাৰ সিদ্ধান্ত লৈছে উৰিষ্যাৰ বিজেপি চৰকাৰে।

উল্লেখ্য যে মন্দিৰৰ উক্ত দুৱাৰখন শেষবাৰৰ বাবে মুকলি কৰা হৈছিল চাৰি দশক পূৰ্বে। ১৯৮৫ চনৰ ১৪ জুলাইৰ পিছত ভিতৰৰ এই ৰত্নভাণ্ডাৰৰ দুৱাৰ কোনেও খোলা নাই।

এই ৰত্নভাণ্ডাৰটো পুৰীৰ জগন্নাথ মন্দিৰৰ উদ্যানত অৱস্থিত। জগন্নাথদেৱ, সুভদ্ৰা আৰু বলভদ্ৰৰ মণি-মুকুতা বহু যুগ ধৰি ইয়াত মজুত হৈ আছে বুলি বিশ্বাস কৰা হয়।  জানিব পৰা এই ভাণ্ডাৰত আছে বহু অমূল্য ৰত্ন।

১৯৮৫ চনৰ আগতে ১৯৭৮ চনত শেষবাৰৰ বাবে ৰত্নভাণ্ডাৰৰ ভিতৰৰ দুৱাৰ মুকলি কৰা হৈছিল। তেতিয়া তাত থকা সোণৰ অলংকাৰকে ধৰি সকলো অলংকাৰ আৰু মণি-মুকুটাৰ এক বিস্তৃত তথ্য প্ৰস্তুত কৰা হৈছিল। কিন্তু ১৯৮৫ চনত তাৰ পৰা কিছু মূল্যৱান সম্পদ আঁতৰাই পেলোৱা হয়। কাৰণ কিছু সোণৰ মেৰামতিৰ কাম বাকী আছিল।

উল্লেখ্য যে ২০১৮ চনত চাবি হেৰাই গৈছিল এই ৰত্নভাণ্ডাৰৰ। যাৰ বাবে তাত প্ৰৱেশ কৰিব পৰা নাছিল পুৰাতত্ববিদসকলে। অৱশ্যে সেই চাবিটো এতিয়াও পোৱা নাই। অহা দেওবাৰে চাবি বিচাৰি নাপালেও ভিতৰলৈ সোমাবলৈ তলা ভাঙি যাব বুলি জনা গৈছে।

Related News