NORTHEAST NOW (Assamese)

এটা যুগৰ অন্ত! ৰামানন্দ সাগৰৰ পুত্ৰ তথা প্ৰযোজক-পৰিচালক প্ৰেম সাগৰৰ মৃত্যু ‎

August 31, 2025 5:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 31, 2025 4:09 pm


প্ৰযোজক, পৰিচালক আৰু চিনেমাট’গ্ৰাফাৰ প্ৰেম সাগৰৰ দেওবাৰে পুৱা মুম্বাইৰ জুহুৰ ‎নিজ গৃহত মৃত্যু হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। দীৰ্ঘদিন ধৰি তেওঁ বয়সৰ লগত জড়িত ‎ৰোগত আক্ৰান্ত হৈ আছিল।

ৰামানন্দ সাগৰৰ পুত্ৰ প্ৰেম সাগৰৰ এগৰাকী ঘনিষ্ঠ সহযোগীয়ে সংবাদ মাধ্যমক ‎জনাইছে যে তেওঁৰ স্বাস্থ্য দীৰ্ঘদিন ধৰি বেয়া হৈ আছিল আৰু যোৱা এমাহ ধৰি ‎তেওঁক দক্ষিণ মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিত্ত্সাধীন হৈ আছিল।
শেহতীয়াকৈ তেওঁৰ পেটৰ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু শনিবাৰে চিকিৎসালয়ৰ পৰা ‎যাবলৈ দিয়াৰ পিছত তেওঁক ঘৰলৈ অনা হৈছিল।

১৯৬৮ চনত এফ টি আই আইৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত প্ৰেম সাগৰে ১৯৭০ চনত ‎পিতৃৰ ছবি লালকাৰৰ জৰিয়তে চিনেমাট’গ্ৰাফাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ‎পিছলৈ তেওঁ সাগৰ আৰ্টছ নামৰ পাৰিবাৰিক বেনাৰত বহু ছবি আৰু টিভি ‎ধাৰাবাহিকত নিজৰ ভূমিকা পালন কৰে।

ইয়াৰ ভিতৰত ১৯৮৭ চনৰ বিখ্যাত ধাৰাবাহিক ৰামায়ণ। তেওঁ আলিফ লাইলা, ‎কাকভুশুন্দি ৰামায়ণ, জয় জয় শিৱ শংকৰ, আৰ্জু হায় তু আৰু জয় গংগা মাইয়া আদি ‎ধাৰাবাহিক নিৰ্মাণ কৰিছিল।

৮০ৰ দশকত দূৰদৰ্শনত প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক ‘বিক্ৰম ঔৰ বেটাল’ৰ প্ৰযোজনা ‎আৰু পৰিচালনাও তেৱেই কৰিছিল।

চিনেমাট’গ্ৰাফী আৰু চলচ্চিত্ৰৰ লগতে তেওঁ এজন উৎকৃষ্ট স্থিৰ ফটোগ্ৰাফাৰ আছিল ‎আৰু গ্ৰেট ব্রিটেইনৰ ৰয়েল ফটোগ্রাফিক ছ’চাইটিয়ে তেওঁক সন্মান জনাইছিল৷

Related News