NORTHEAST NOW (Assamese)

ৰাইজৰ দল এৰিলে কাৰ্যকৰী সভাপতি জিতুল ডেকাই; অচিৰেই যোগদান কৰিব আপত, উৰা মাৰিলে দিল্লীলৈ

May 2, 2022 11:40 am · জাহ্নৱী বৰুৱা, গুৱাহাটী

কংগ্ৰেছৰ সমান্তৰালকৈ ৰাইজৰ দলতো চলিছে পদত্যাগৰ ঢৌ। এইবাৰ ৰাইজৰ দল এৰিলে কাৰ্যকৰী সভাপতি জিতুল ডেকাই।

ৰাইজৰ দলত এয়া আন এক মোক্ষম আঘাত বুলি ক’ব পাৰি। দলটোৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰিছে ডেকাই।

দলৰ সভাপতি অখিল গগৈলৈ জিতুল ডেকাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সম্পূৰ্ণ ব্যক্তিগত কাৰণত দল এৰা বুলি কয় যদিও এক সূত্ৰৰ পৰা জানিব পৰা মতে অখিল গগৈৰ নেতৃত্বৰ লগতে কাম-কাজতো ক্ষুণ্ণ হৈ আজি তেওঁ পদত্যাগ কৰে।

 

আন এক সুত্ৰৰ পৰা জানিব পৰা অনুসৰি অচিৰেই আম আদমী পাৰ্টিত যোগদান কৰিব জিতুল ডেকাই। ইতিমধ্যে দিল্লীলৈ বিমানযোগে উৰা মাৰিছে ডেকাই। আজি দিল্লীত আপৰ ৰাষ্ট্ৰীয় নেতৃত্বৰে এক আলোচনাত মিলিত হ’ব ডেকা।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়েও দলৰ পৰা পদত্যাগ কৰিছিল।

Related News