NORTHEAST NOW (Assamese)

আজি উকলিব আলফাৰ সময়সীমা; কুইপৰ অভিযন্তা প্ৰনৱ কুমাৰ গগৈৰ ঘৰত শোকাকুল পৰিৱেশ

February 16, 2021 1:07 pm · পার্শ্বজোতি গগৈ
Updated: February 16, 2021 4:59 pm
আলফাই অপহৰণ কৰি নিয়া কুইপৰ অভিযন্তা প্ৰনৱ কুমাৰ গগৈৰ পিতৃ-মাতৃ। ফটো: নৰ্থইষ্ট নাও।

আলফাই অপহৰণ কৰা দুই বিষয়াক মুক্তি দিয়া সন্দৰ্ভত আলফা স্বাধীনে বান্ধি দিয়া সময়ৰ আজি অন্তিম দিন।

শিৱসাগৰৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈৰ ঘৰত এতিয়া শোকাকুল পৰিবেশ।

প্ৰণৱ কুমাৰ গগৈৰ পত্নী আৰু মাতৃয়ে পৰেশ বৰুৱাৰ প্ৰতি পুনৰ আহ্বান জনাইছে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক শীঘ্ৰে মুকলি কৰি দিয়ক।

যোৱা ২১ ডিচেম্বৰত অৰুণাচলৰ পৰা অপহৃত হৈছিল কুইপৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ।

এই পৰ্যন্ত দুই বিষয়াক উদ্ধাৰৰ বাবে চৰকাৰ আৰু তেল কোম্পানী কোনোটো পক্ষই চেষ্টা কৰা পৰিলক্ষিত হোৱা নাই।

ইপিনে, সোমবাৰে সংযুক্ত মুক্তি বাহিনী(স্বাধীন), অসমক কুইপ’ৰ দুই অপহৃত বিষয়াক মুকলি কৰি দিবলৈ আহ্বান জনাইছে অসম নাগৰিক সমাজে।

এক বিবৃতিত নিৰপৰাধী ব্যক্তি দুজনক এনেদৰে পণবন্দী কৰি তেওঁলোকক হত্যাৰ ভাবুকি দিয়াটো দেশপ্ৰেম আৰু জাতি প্ৰেমৰ লগত জড়িত কথা নহয় বুলি উল্লেখ কৰি নাগৰিক সমাজে কয় যে ই হ’ল দেখদেখকৈ এক অমানৱীয় আৰু সন্ত্ৰাসবাদী কাৰ্য৷

অসম নাগৰিক সমাজে কোনো ক্ষয়-ক্ষতি নকৰাকৈ অপহৃত ব্যক্তি দুজনক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ আলফাৰ প্ৰতি আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত চৰকাৰী উদাসীনতাত আশ্চৰ্য প্ৰকাশ কৰিছে৷

আনহাতে, আজি ডেটলাইন উকলিবলগীয়া আলফা চৰ্তৰ বিষয়টোৱে ৰাজ্যখনৰ শান্তিপ্ৰিয় জনসাধাৰণক উদ্বিগ্ন কৰি ৰাখিছে।

Related News