NORTHEAST NOW (Assamese)

আকৌ আহিব নেকি সামুদ্ৰিক ঘূৰ্ণী বতাহ! : কি কৈছে বতৰ বিজ্ঞান বিভাগে?

June 22, 2020 8:13 pm · এন ই নাও নিউজ
Updated: June 22, 2020 8:16 pm

আম্ফানৰ আঘাত মাৰ নৌযাওঁতে পুনৰ সামূদ্ৰিক বতাহে বিধ্বস্ত কৰিব পাৰে দেশৰ এটা প্ৰান্ত।

এই আশংকাৰ কথা প্ৰকাশ কৰিছে মৌচন ভৱনে।

আগন্তুক তিনি দিনৰ ভিতৰত ইয়াৰ গতি প্ৰকৃতিৰ সম্পৰ্কত নিশ্চিত হ’ব বুলি জনাইছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে।

বৃহস্পতিবাৰৰ ভিতৰত বতৰ বিজ্ঞান বিভাগ এই সংক্ৰান্তত নিশ্চিত হ’ব।

এই সম্ভাৱ্য ঘূৰ্ণী বতাহে ওড়িশাত আঘাত কৰাৰ সম্ভাৱনা আছে বুলি জনাইছে বতৰ বিজ্ঞান বিভাগে।

সোমবাৰে দুপৰীয়া মৌচম ভৱনে জনাইছে যে, উত্তৰ ওড়িশা ও সংলগ্ন অঞ্চলত সমুদ্ৰপৃষ্ঠৰ ০.৯ কিলোমিটাৰৰ পৰা ৭.৬ কিলোমিটাৰ ওপৰত দক্ষিণ দিশে এই সামুদ্ৰিক ধুমুহাই অৱস্থান কৰিছে।

আগন্তুক তিনি দিনত মন্থৰ গতিৰে সেই প্ৰৱাহ উত্তৰৰ পৰা পশ্চিম দিশে অগ্ৰসৰ হ’ব বুলি জনাইছে মৌচম বিভাগে।

উল্লেখ্য যে বিগত ২০ মে’ত পশ্চিমবংগ আৰু বাংলাদেশত সামুদ্ৰিক ধুমুহা আম্ফানে ধ্বংসলীলা চলাইছিল।

বিধ্বস্ত কৰি পেলাইছিল পশ্চিমবংগৰ স্বাভাৱিক জনজীৱন।

আম্ফানৰ ফলত মৃত্যু ঘটিছিল ৮৬ জন লোকৰ।

Related News