NORTHEAST NOW (Assamese)

কিতাপ পঢ়াৰ অনুভূতি

July 14, 2020 2:35 pm · দীপামণি হাজৰিকা

কিতাপ পঢ়াৰ অভ্যাসটো কেতিয়া গঢ় লৈছিল ভালকৈ মনত নাই যদিও এটা কথা মনত আছে, আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত পঢ়ি থকা সময়ত ওচৰতে থকা “যুৱজ্যোতি যুৱ সংঘ”ত প্ৰতি দেওবাৰ আৰু বৃহস্পতিবাৰে আবেলি বাজি উঠা ঢোলটোলৈ বৰ হেঁপাহেৰে ৰৈ আছিলোঁ। ঢোলৰ শব্দ মানেই কিতাপ আনিবলৈ মতাৰ সংকেত। বুজি নোপোৱাকৈয়ে সেই সময়ত দুটা বছৰৰ ভিতৰত লাইব্ৰৰীত থকা আধা সংখ্যক কিতাপ পঢ়ি শেষ কৰিছিলোঁ। নপঢ়াকৈয়ে কিতাপবোৰ ঘূৰাই দিছো বুলি লাইব্ৰেৰীৰ দায়িত্বত থকা দাদাজনৰ কিমান যে প্ৰশ্নৰ সন্মুখীন হৈছিলো তেতিয়া!
গাৰ্লচ কলেজৰ হোষ্টেলত দেওবাৰে পেপাৰৰ লগত দিয়া সৰু আলোচনীকেইখনক লৈ আবাসী সকলৰ মাজত সদায়ে টনা আজোৰা! কোনে আগতে পঢ়িব। বিশেষকৈ কবিতাৰ শিতানবিলাক। ভাল লগা শাৰীবিলাক আমি বহীত টুকি ৰাখিছিলোঁ।

সৌৰভ শইকীয়া, প্ৰণৱ কুমাৰ বৰ্মণ, অতনু ভট্টাচাৰ্য্য, কমল কুমাৰ মেধি, লাচিত বৰদলৈ, ৰফিকুল হুছেইনৰ কবিতা প্ৰায়ে প্ৰকাশ হৈছিল সেইসময়ৰ সৰু সৰু আলোচনীবোৰত। তেতিয়াই সাঁচি ৰখা কবিতাবোৰ এতিয়াও আছে বহীত। বুকুতো…। মন গলেই গুণগুণাও এতিয়াও “হেমন্তৰ হয়কলি অ’ মোৰ প্ৰেমৰ চৰাই”,”কি আনিছা মোলৈ ? পাইন গছৰ বতাহ”, “তুমি লিখো বোলা চিঠিখন মই আগতীয়াকৈ পঢ়িম”, “সোণাৰু ফুলিলে ঘৰৰ পৰা ওলাই গৈ মই উভতি নাহো “প্ৰেমৰ সৰোবৰত শ হৈ ওপঙিব পাৰিলেহে প্ৰেম প্ৰেম হৈ থাকে”,”ভিক্ষাৰীবোৰৰ কি এদিনৰ বাবেও ডকাইত হবলৈ মন নাযায় “নতুবা “প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয় “ইত্যাদি প্ৰিয় কবিতাৰ আটাইতকৈ প্ৰিয় শাৰীবিলাক। ‘কথোকথন’ কিতাপখন য’লৈকে গৈছিলো বেগত কঢ়িয়াই লৈ ফুৰিছিলোঁ।

দেওবাৰে হোষ্টেল লাইব্ৰেৰীৰ পৰা কিতাপ নি একেবহাতে শেষ নকৰাকৈ উঠিবলৈ বেয়া পাইছিলোঁ। হোষ্টেলৰ ৰূমটোৰ চাৰিওফালে বেৰত ভাল লগা কথাবোৰ, কবিতাবোৰ লিখি ৰাখিছিলোঁ। ইউনিভাৰচিটিলৈ যোৱাৰ পাছত অভ্যাসটো আৰু বেছি হ’ল। বন্ধু নিহাৰে কুহিলাৰে মোৰ ৰূমৰ নামটো বনাই দিছিল “প্ৰত্যুষ”। যিটো ৰূমৰ বেৰবিলাক ভাল লগা কবিতাৰ শাৰীৰে ভৰাই পেলাইছিলোঁ। সুখে দুখে সেইবিলাক লগৰীয়া আছিল বাবেই ছাগে আজৰি সময়ত ৰূমত সোমাই থাকিয়েই ভাল পাইছিলোঁ।

ইউনিভাৰচিটিৰ লাইব্ৰেৰীত ঘন্টাৰ পাছত ঘন্টা পুৰণি কিতাপবোৰৰ মাজত থাকি হৃদয় চুই যোৱা শাৰীবিলাক টুকি আনিছিলোঁ। সঁচা কথা কবলৈ হ’লে মোৰ জীৱনলৈ প্ৰেমো এনেকৈয়ে আহিছিল। “মাজে মাজে দুই এটা অংক কৰা ভাল, নহলে এনেকুৱাওটো হ’ব পাৰে জীৱনটো কেৱল অসত্যৰ জঞ্জাল” ভাল লগা কবিতাৰ শাৰী আওৰাই আওৰাই আমি কেতিয়া ইজনে সিজনৰ প্ৰেমত পৰিছিলো উমানেই পোৱা নাছিলোঁ। সযতনে এতিয়াও ৰাখিছো সেই সময়ত এওঁ চিঠিৰ লগত গাঠি দিয়া প্ৰিয় কবিতাবিলাক, ৰাতি জিলিৰ মাতত আবৃত্তি কৰি পঠিওৱা কবিতাৰ কেছেটবোৰ।

দুসপ্তাহৰ মূৰে মূৰে মোৰ হাতত পৰা এওঁৰ প্ৰতিখন চিঠিয়েই মোক এটা উজাগৰী ৰাতি উপহাৰ দিছিল। মাজে সময়ে উলিয়াই চাওঁ সেই চিঠি, কিতাপৰ শাৰীবোৰ নতুবা কবিতাবিলাক। কাগজবোৰ পুৰণি হৈছে। ৰঙচুৱা দাগ লাগিছে। কিছুমান আখৰ ধৰিব নোৱাৰা হৈছেগৈ। কিন্তু সেই ভাল লগা কিতাপৰ শাৰীবিলাক, চিঠি আৰু কবিতাবোৰ পঢ়িবলৈ খুলি লওতে মোৰ মনত ভুমুকি মৰা আনন্দ, আগ্ৰহ,লাজখিনি এতিয়াও আগৰ দৰেই আছে। খোলাৰ লগে লগে জাপটোৰ পৰা ওলোৱা পুৰণি কাগজৰ চিনাকি সুবাসত মন মতলীয়া হৈ পৰে। যাক খামুচি ধৰি মাজে মাজে হাউলি পৰিবলৈ ধৰা মই পুনৰ থিয় হৈ উঠোঁ। নিজক ন কৈ প্ৰতিষ্ঠা কৰো আবেগ, আত্মবিশ্বাস, সততা, কিম্বা প্ৰেমেৰে…।।

Related News