ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

সাজ-পোছাকৰ কথা আহিলে তেওঁ সদায় সাহসী। অৱশ্যে উৰ্ফী জাভেদে নিজৰ জীৱনৰ কোনো বিষয়তে মাত মাতিবলৈ শংকা নকৰে। কিছুদিন আগতে উৰ্ফীয়ে কৈছিল যে তেওঁ কোনো ধৰ্মত বিশ্বাস নকৰে। সেই সময়ত এজন ব্লগাৰে দাবী কৰিছিল যে উৰ্ফীয়ে ইতিমধ্যে নিজৰ ধৰ্ম সলনি কৰি পেলাইছে আৰু এতিয়া তেওঁৰ নাম ৰীতা ভৰদ্বাজ। অৱশ্যে উৰ্ফীয়ে এই চৰ্চাক ততালিকে অস্বীকাৰ কৰিছে। কামাখ্যা মন্দিৰলৈ যোৱাৰ মুহূৰ্তটো শ্বেয়াৰ কৰি তেওঁ কি ক’লে?
উৰ্ফীয়ে কামাখ্যা মন্দিৰৰ এলানি ছবি শ্বেয়াৰ কৰিছে। গোলাপী ৰঙৰ ওৰণি এখনেৰে মূৰটো ঢাকি থোৱা, সেউজীয়া চুৰিদাৰ, ডিঙিত নাৰ্জী ফুলৰ মালা, গাত ৰঙা কাপোৰ মেৰিওৱা বহুকেইখন ছবি শ্বেয়াৰ কৰিছে। উৰ্ফীয়ে মন্দিৰৰ পুৰোহিতৰ সৈতে কেইবাখনো ছবিও পোষ্ট কৰে।
ছবিৰ কেপচনত উৰ্ফীয়ে লিখিছে, তেওঁ কামাখ্যালৈ গৈছিল। ছবিবোৰ দেখাৰ পিছত বহুতৰে মনত প্ৰশ্ন উত্থাপন হৈছে, সঁচাকৈয়ে উৰ্ফীয়ে নিজৰ ধৰ্ম সলনি কৰিলে নেকি? কিছুমানে কৈছে, ‘নিজকে নাস্তিক বুলি কৈ আকৌ মন্দিৰলৈ গৈ কি কৰি আছা?’।
কেৱল সেয়াই নহয়, উৰ্ফীৰ ধৰ্ম সলনিৰ বিষয়টোও আহি পৰিছে। এগৰাকী মহিলাই মন্তব্য কৰিছিল, নাম সলনি কৰাটো ইমান গোপন কৰি ৰাখি কি লাভ? সেই সময়ত উৰ্ফীয়ে নাম সলনিৰ বিষয়ে কৈছিল, ‘মই ভাবো অলপ খা-খবৰ কৰক। মই কোনো ধৰ্ম সলনি কৰা নাই। গতিকে মই কোনো ধৰ্মতে বিশ্বাস নকৰো।’
অৱশ্যে কামাখ্যা মন্দিৰত পূজা কৰিবলৈ যোৱা দেখা পোৱাৰ পৰাই উৰ্ফীৰ ধৰ্ম সলনি কৰাৰ চৰ্চাৰ উত্তৰৰ বাবে পুনৰ অপেক্ষা কৰি আছে নেটিজেনসকলে।