NORTHEAST NOW (Assamese)
Popular Stories

সংসদত বাজেট উত্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ; আশা-প্ৰত্যাশাৰ চাপৰ প্ৰতিফলন!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2022 12:09 pm
WhatsApp Image 2022-02-01 at 11.32.25 AM

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত ইতিমধ্যে কেন্দ্ৰীয় বাজেট উত্থাপন কৰি নিজৰ ভাষণ আৰম্ভ কৰিছে। বিত্তমন্ত্ৰীৰ ভাষণৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছে দেশৰ অৰ্থনীতিৰ বাবে কি আছে এই বাজেটত।

দেশৰ নিম্ন আৰু মধ্যবিত্তৰ ওপৰত থকা আৰ্থিক চাপৰ কিদৰে এই বাজেটে মোকাবিলা কৰিব তাক লৈয়েই অধিকাংশ মহলৰ দৃষ্টি স্থিৰ হৈ ৰৈছে।

আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনেও গুৰুত্ব পোৱাৰ সম্ভাৱনা আছে বাজেটত।

বিত্তমন্ত্ৰী সীতাৰমনে কৈছে যে দক্ষতা বৃদ্ধিৰ বাবে উদ্যোগ জগতৰ সৈতে হাত মিলোৱো হ’ব। ঔদ্যোগইক মহলে নেশ্যনেল স্কীল কোৱালিফিকেশ্যন ফ্ৰমৱৰ্কত হাত ধৰিব আৰু তাৰ ফলত কৰ্মসংস্থাপন বৃদ্ধি পাব।

লগতে পঢ়ক: দেশৰ অতি পৰিচিত সাপ উদ্ধাৰকাৰী ভৱ সুৰেশক দংশন কৰিলে ৰাজফেঁটীয়ে; হাস্পাতালত ভৰ্তি

বিত্তমন্ত্ৰীয়ে কৃষিখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ কথা উল্লেখ কৰি জৈৱ কৃষিৰ বাবে কৃষি বিশ্ব বিদ্যালয় গঢ়ি তোলা হ’ব বুলি কয়। ড্ৰোণৰ জৰিয়তে সাৰ দিয়া হব। কৃষিৰ বাবে ষ্টাৰ্ট আপ গঢ়ি তোলাৰ ক্ষেত্ৰত নাবাৰ্ডে ধন আগবঢ়াব।

বিত্তমন্ত্ৰীয়ে তৈল বীজৰ আমদানি হ্ৰাস কৰাৰ বাবে দেশত উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

বিত্তমন্ত্ৰীয়ে ৰ’পওৱে পৰিবহনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০২২-২৩ বৰ্ষত ৬০ কিলোমিটাৰ ৰ’পওৱে নিৰ্মাণৰ আৱন্টন দিয়াৰ কথা ঘোষণা কৰিছে। পিপিই ম’ডচ উচ্চ পাৰ্বত্য অঞ্চলত এনে আঠটা প্ৰকল্প হব।

লগতে পঢ়ক: উফৰি গ’ল কোভিড বিধি! মাজনিশা মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা দিবলৈ অনুৰাগীৰ হেতা-ওপৰা

কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক সাহায্য কৰাৰ বাবে ৰে’ল আৰু ডাক বিভাগে কাম কৰিব বুলি উল্লেখ কৰি সীতাৰমনে ‘এক ষ্টেশ্যন, এক দ্ৰব্য’ ধাৰণা প্ৰচাৰৰ কথা কৈছে।

পৰৱৰ্তী তিনি বছৰত ৪০০খন বন্দে ভাৰত ৰে’ল নিৰ্মাণ কৰা হব। সেইদৰে, ১০০০ প্ৰধানমন্ত্ৰী গতিশক্তি কাৰ্গো টাৰ্মিনেল গঢ়ি তোলা হব। গঢ়ি তোলা হব মেট্ৰও।

বিত্তমন্ত্ৰী সীতাৰমনে কয় যে এই বাজেটত ভাৰতৰ স্বাধীনতাৰ ৭৫বছৰৰ পৰা ১০০ বছৰলৈকে অৰ্থনৈতিক কামকাজৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। পৰৱৰ্তী ২৫ বছৰত দুটা সমান্তৰাল বিকল্পৰ জৰিয়তে দেশ আগবাঢ়ি যাব।

লগতে পঢ়ক: ‘শান্তিৰ সন্ধান!’ ইনষ্টাগ্ৰামত প’ষ্ট দি ৬০ মহলাৰ জঁপিয়াই প্ৰাণ দিলে প্ৰাক্তন Miss USAই

 এটা হ’ল আন্ত:গাঁথনিত বেচৰকাৰী বিনিয়োগ আৰু সাৰ্বিক তথা ভৱিষ্যতৰ পিনে লক্ষ্য ৰাখি বাজেট। সেই বাজেটত মহিলা, অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ লোকসকল উপকৃত হব। বিনিয়োগৰ জৰিয়তে স্বাধীনতাৰ ১০০ বছৰত দেশক শক্তিশালী কৰি গঢ়ি তোলা হব।

সীতাৰমনে পৰৱৰ্তী পাঁচ বছৰত ৬০লাখ কৰ্মসংস্থাপনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰাৰ কথা ঘোষণা কৰিছে।