NORTHEAST NOW (Assamese)

চলিত বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ ৫ মে’ত; পৰৱৰ্তী এনে বিৰল মুহূৰ্তৰ বাবে অপেক্ষা কৰিব লাগিব ১৯ বছৰ

April 28, 2023 4:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 28, 2023 4:07 pm

চলিত বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ অহা ৫ মে’ হ’ব।জ্যোতিৰ্বিজ্ঞানীসকলে এইবাৰ চাৰিটাকৈ গ্ৰহণ হ’ব বুলি প্ৰকাশ কৰিছে। ইয়াত দুটা সূৰ্যগ্ৰহণ আৰু দুটা চন্দ্ৰগ্ৰহণ অন্তৰ্ভুক্ত কৰা হৈছে। অহা ৫ মে’ শুকুৰবাৰে হ’ব প্ৰথমটো চন্দ্ৰগ্ৰহণ।

সেইদিনা চন্দ্ৰই পৃথিৱীৰ সূক্ষ্ম অন্ধকাৰ অংশৰ মাজেৰে পাৰ হৈ যাব। ভাৰতত চন্দ্ৰগ্ৰহণৰ সময় নিশা ৮:৪৪ বজাত, শেষ হ’ব মাজনিশা ১:২০ বজাত।

জানিব পৰা মতে, ৫ মে’ৰ পিছত পুনৰ এই বিৰল মহাজাগতিক পৰিঘটনাটো চাবলৈ আমি প্ৰায় দুটা দশক অপেক্ষা কৰিব লাগিব। ২০৪২ চনত পুনৰ আকাশত এনে এক পৰিঘটনা দেখা যাব। অৰ্থাৎ ৫ মে’ত সূৰ্যগ্ৰহণ দেখা নাপালে এনে ঘটনাৰ পুনৰাবৃত্তিৰ বাবে ১৯ বছৰ অপেক্ষা কৰিব লাগিব।

লগতে পঢ়ক: ৰোমহৰ্ষক… প্ৰাক্তন প্ৰেমিকসহ ১২ জন বন্ধুক চাইনাইড বিষ দি হত্যা গৰ্ভৱতী যুৱতীৰ!

সেইদিনা নিশাৰ আকাশত চন্দ্ৰগ্ৰহণ দেখা যাব। অৰ্থাৎ গ্ৰহণৰ সময়ত পৃথিৱীৰ যি ভাগত ৰাতি হ’ব সেই আধা অংশই বিৰল চন্দ্ৰগ্ৰহণ দেখিব। কিন্তু এটাই চৰ্ত, আকাশ ফৰকাল থাকিব লাগিব। নহ’লে মেঘৰ ছাঁত হেৰাই যোৱা গ্ৰহণ নেদেখি নিৰাশ হ’ব উৎসাহী দৰ্শকসকল। 

Related News