NORTHEAST NOW (Assamese)
অসম

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

Posted by: নীলমনি শর্মা, কৃষ্ণাই Updated by: নীলমনি শর্মা, কৃষ্ণাই May 16, 2022 8:49 am

মিকটছ ফুটবল ফেডাৰেছন অৱ ইণ্ডিয়াৰ অধীনষ্ঠ অসম মিকটছ ফুটবল এছোচিয়েচনৰ উদ্যোগত আৰু দুধনৈ আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ১৩ মে’ৰ পৰা দুধনৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত চলি থকা “প্ৰথম বাৰ্ষিক চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপ ২০২১-২২”ৰ দেওবাৰে সামৰণি পৰে৷

লীগ পদ্ধতিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত দেশৰ ৮খন ৰাজ্যই অংশগ্ৰহণ কৰিছিল৷ দেওবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত অসম আৰু মেঘালয়ে অংশগ্ৰহণ কৰে৷

চূড়ান্ত খেলখন নিৰ্ধাৰিত সময়ত ২-২ গোলত সমাপ্ত হোৱাত ট্ৰাইব্ৰেকাৰৰ সহায় লোৱা হয় যদিও ট্ৰাইব্ৰেকাৰতো দুয়োটা দলে পাঁচটাকৈ গোল দিয়াত কোনো ফলাফল নোলোৱাত টছৰ সহায়ত মেঘালয় দলক চূড়ান্ত বিজয়ী দল হিচাবে ঘোষণা কৰা হয়৷

আনহাতে, প্ৰতিযোগিতাৰ তৃতীয় স্থান লাভ কৰে নৰ্থইষ্ট মিকটছ ফুটবল দলে৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাবে নিৰ্বাচিত হয় অসম দলৰ ছানিয়া মাৰাক আৰু মেঘালয় দলৰ চেনচুম মাৰাক৷

অসম আৰু মেঘালয়ৰ মাজৰ চূড়ান্ত খেলখনৰ এটি মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও।

চূড়ান্ত খেলখনৰ আগমুহূৰ্তত গোৱালপাৰাৰ জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে কিক অফ কৰি খেলখনৰ শুভাৰম্ভ কৰে৷

উল্লেখ্য যে ভাৰতত উৎপত্তি হোৱা ফুটবল খেলৰ নৱতম সংস্কৰণ মিকটছ ফুটবল খেলৰ প্ৰথমখন টুৰ্ণামেন্ট বিশ্বৰ ভিতৰতে প্ৰথম দুধনৈত অনুষ্ঠিত কৰি ইতিহাস ৰচনা কৰিলে৷