NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইৰ শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন

Posted by: নীলমণি শৰ্মা June 16, 2018 9:58 pm
Tukleshwari Dewalay

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন আগবঢ়াই গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সমীপৱৰ্তী টুকুৰাত অৱস্থিত শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত আন দিনসমূহৰ দৰে পবিত্ৰ ঈদ উল ফিতৰৰ দিনাও জনতাৰ সমাগম পৰিলক্ষিত হয়।

বিশেষকৈ ইছলাম ধৰ্মীয় বহু যুৱক যুৱতীয়ে ঈদৰ নামাজ আদায় কৰাৰ পিছত দেৱালয়খনত ভিৰ কৰা দেখা যায়। সকলোৰে এটাই উদ্দেশ্য, সেয়া হ’ল দেৱালয়খনৰ প্ৰাকৃতিক পৰিবেশ উপভোগ কৰা।

বান্দৰৰ ৰজা ৰাণী খ্যাত এই দেৱালয়খনত ই এক পৰম্পৰাত পৰিণত হৈছে। পিছে ইয়াক লৈ কোনো হিন্দু লোকৰে খেদ নাই। বৰঞ্চ ঈদৰ দিনটোত ইছলাম ধৰ্মীয় লোকৰ বাবেও মুকলি থাকে টুক্ৰেশ্বৰী দেৱালয়। ঈদৰ দিনা মুছলমান লোকসকলে যাতে দেৱালয়লৈ আহি কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে দেৱালয় পৰিচালনা সমিতি আৰু প্ৰসাশন সদা সতৰ্ক হৈ থাকে ৷

উল্লেখযোগ্য যে প্ৰতিটো ঈদৰ সময়ত গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই আহিছে।

যি সময়ত হিন্দু মছলমানৰ মাজৰ সাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিবলৈ একাংশ দুষ্টচক্ৰ উঠি পৰি লাগিছে, সেই সময়তে কৃষ্ণাইৰ ঐতিহাসিক শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত এনেদৰে চলিছে দুয়োটা সম্প্ৰদায়ৰ মাজত মিলন সেতু গঢ়াৰ নিৰলস প্ৰচেষ্টা।