NORTHEAST NOW (Assamese)

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 1, 2025 8:40 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যৰ পশ্চিম প্ৰান্তৰ তিনিখন জিলা শনিবাৰে ৰেড এলাৰ্টত জাৰি কৰা হৈছে। দেওবাৰে অসম বান পৰিস্থিতি শোচনীয় হৈয়েই আছে কাৰণ ১০খন বৃহৎ নদী বিপদৰ সীমাৰ ওপৰেৰে বৈ গৈছে। আৰু ১৫খনতকৈও অধিক জিলাৰ ৭৮ হাজাৰ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

ৰাজ্যখন বানপানী আৰু ভূমিস্খলনত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বান পানীৰ বাবে ১৫খনতকৈও অধিক জিলাৰ ৭৮ হাজাৰৰো অধিক বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে বুলি বিষয়াসকলে সদৰী কৰিছে। বান আৰু ভূমিস্খলনৰ ফলত পথ পৰিবহণ, ৰে’ল চলাচল আৰু ফেৰী সেৱাও ক্ষতিগ্ৰস্ত হৈছে।

ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি ১০খন ডাঙৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈ যোৱাত কেন্দ্ৰীয় জল আয়োগে ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ বাবে অৰেঞ্জ বুলেটিন জাৰি কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, দুদিনৰ বাবে দুলাবচেৰা-শিলচৰ যাত্ৰীবাহী ৰে’ল, শিলচৰ-দুলাবচেৰা যাত্ৰীবাহী ৰে’ল আৰু বদৰপুৰ-দুলাবচেৰা-বদৰপুৰ যাত্ৰীবাহী ৰে’ল দুদিনৰ বাবে বাতিল কৰা হৈছে।

তেওঁ কয় যে গুৱাহাটী-দুলাবচেৰা-গুৱাহাটী ৰে’লখন কেৱল বৰাইগ্ৰামৰ পৰা/বৰাইগ্ৰামলৈ চলাচল হ’ব আৰু মঙলবাৰলৈকে বৰাইগ্ৰাম আৰু দুলাবচেৰাৰ মাজত বাতিল হৈ থাকিব।

বিষয়াসকলে জনোৱা মতে,শনিবাৰৰ পৰা  কামৰূপ জিলাৰ চয়গাঁও অঞ্চলৰ শিঙৰা শলানিবাৰীৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ১৭ৰ এটা অংশ ওপৰেৰে পানী পাৰ হৈ ছে।

তেওঁ কয় যে মুষলধাৰ বৰষুণ আৰু চুবুৰীয়া মেঘালয়ৰ পৰা বৈ অহা পানীয়ে অঞ্চলটোৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে। বিকল্প পথ ব্যৱহাৰ কৰি যান-বাহন চলাচলৰ সুবিধাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বিষয়াসকলে জনোৱা মতে, ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৰহাট-মাজুলীৰ মাজত ফেৰী সেৱা তাৎক্ষণিকভাৱে স্থগিত ৰখা হৈছে। ডিব্ৰুগড় আৰু নেমাতীঘাট (যোৰহাট)ত ব্ৰহ্মপুত্ৰ বিপদৰ স্তৰৰ ওপৰেৰে বৈ আছে বুলি চি ডব্লিউ চিৰ বুলেটিনত উল্লেখ কৰা হৈছে।

বিপদ সীমা অতিক্ৰম কৰা আন নদীসমূহৰ ভিতৰত ঘৰমুৰা (হাইলাকান্দি), ধোলাই (কাছাৰ)ৰ ৰুকনি, মাটিজুৰি (হাইলাকান্দি)ৰ কটাখাল, বদৰপুৰ ঘাট (শ্ৰীভূমি)ৰ বৰাক, মাৰ্ঘেৰিটা (তিনচুকীয়া) আৰু (নগাঁও)ৰ বুৰিডেহিং আদি নদীসমূহৰ ভিতৰত আছে বুলি জানিব পৰা গৈছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা চমুকৈ এএছডিএমএৰ তথ্য অনুসৰি শনিবাৰে সন্ধিয়ালৈকে ভূমিস্খলনত ৫ জন আৰু বানত তিনিজন লোকৰ মৃত্যু হৈছে।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (আৰ এম চি)ৰ তথ্য অনুসৰি শনিবাৰে ৰাজ্যৰ পশ্চিম প্ৰান্তৰ তিনিখন জিলা ৰেড এলাৰ্ট আৰু আৰু ৮খন কমলা এলাৰ্টত জাৰি কৰাৰ  বিপৰীতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ উৰ্ধমুখী অঞ্চলৰ পৰা অহা বৰষুণৰ পানীয়ে অসমৰ বান পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে।

এনডিআৰএফ, এছডিআৰএফ, আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীকে ধৰি কেইবাটাও সংস্থাই সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হৈ পৰিছে, আৰু বানপীড়িত অঞ্চলৰ পৰা মানুহক নিৰাপদে উলিয়াই অনা হৈছে বুলি বিষয়াসকলে জনাইছে।

ৰাজ্য খন এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্দেশ দিছে।

Related News