NORTHEAST NOW (Assamese)
Popular Stories

চাবুৱাত বন বিভাগে পিঞ্জৰাবদ্ধ কৰিলে এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 8, 2025 8:00 am
চাবুৱাত বন বিভাগে পিঞ্জৰাবদ্ধ কৰিলে এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ নদুৱা হাতীগাধাইত বনবিভাগে বন্দী কৰিলে এটা এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী।

উল্লেখ্য যে অঞ্চলটোৰ লোক সঘনাই নাহৰফুটুকীৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছিল।

একাধিক নাহৰফুটুকীয়ে ৰাইজৰ গৰু -ছাগলীক চিকাৰ কৰাৰ লগতে গাঁওবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল।

ক্ৰমবৰ্ধমান ভাবুকিৰ বাবে বন বিভাগে স্থানীয় গাঁৱৰ মানুহৰ সমন্বয়ত বাঘটোক ধৰিবলৈ এটা পিঞ্জৰা স্থাপন কৰে। শুকুৰবাৰে পুৱা বৃহৎ নাহৰফুটুকীটো পিঞ্জৰাত আৱদ্ধ হয়।

পিঞ্জৰাবদ্ধ নাহৰফুটুকীৰ সাক্ষী হ’বলৈ ঠাইখনলত বহু লোকৰ সমাগম হয়।

জানিব পৰা মতে, বন বিভাগে বাঘটোক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে।