NORTHEAST NOW (Assamese)

এয়াই ৰাজনীতি! নিজেই আছিল শৰণাৰ্থী, প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হ’বলৈ শৰণাৰ্থীৰ বিৰুদ্ধেই ল’লে স্থিতি!

September 25, 2023 3:20 pm · এন ই নাও নিউজ, গুৱাহাটী
নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ডিলান য়েচিলগ’জ-জেগেৰিয়াছ। ফটো: সংগ্ৰহীত।

তেওঁৰ নাম ডিলান য়েচিলগ’জ-জেগেৰিয়াছ। যি নিজেই উত্তৰ-পশ্চিম ইউৰোপৰ এখন দেশ নেদাৰলেণ্ডত শৰণাৰ্থী আছিল। সেই দেশতে তেওঁ শৰণাৰ্থী হিচাপে ডাঙৰ-দীঘল হৈছিল। তেওঁ দেশৰ পৰৱৰ্তী নিৰ্বাচনত পিপলছ পাৰ্টি ফৰ ফ্ৰিডম এণ্ড ডেম’ক্ৰেচিৰ প্ৰধানমন্ত্ৰীৰ পদৰ বাবে যুঁজ দিব। এই সোঁপন্থী ৰাজনীতিবিদগৰাকীৰ অন্যতম এজেণ্ডা হৈছে অনুপ্ৰৱেশ হ্ৰাস কৰা।

শনিবাৰে ৰটাৰডেম চহৰত অনুষ্ঠিত হোৱা দলীয় সমাৱেশত অংশগ্ৰহণ কৰে ডিলান য়েচিলগজ-জেগেৰিয়াছে। তাত দিয়া ভাষণত তেওঁ স্বাধীনতা আৰু নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ স্পষ্টভাৱে উল্লেখ কৰে যে তেওঁৰ লক্ষ্য হৈছে অনুপ্ৰৱেশ হ্ৰাস কৰা।

নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ডিলান য়েচিলগ’জ-জেগেৰিয়াছ। ফটো: সংগ্ৰহীত।

পৰৱৰ্তী নিৰ্বাচনত যদি পিপলছ পাৰ্টি ফৰ ফ্ৰিডম এণ্ড ডেম’ক্ৰেচি (ভিভিডি) জয়ী হয় তেন্তে ডিলানে হ’ব নেদাৰলেণ্ডৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। শৰণাৰ্থী সংকট তেওঁৰ দলৰ নিৰ্বাচনী প্ৰচাৰৰ এক বৃহৎ অংশ হিচাপে পৰিগণিত হৈছে।

ডিলানে কয়, ‘মই মোৰ পিতৃ-মাতৃৰ পৰা শিকিছো কেনেকৈ নিজৰ স্বাধীনতাৰ লালন-পালন আৰু আনৰ স্বাধীনতাৰ প্ৰতি ভাবুকি আহিলে তেওঁলোকৰ পক্ষত থিয় দিব লাগে। কিন্তু আজি আমি আনক বুজি পোৱাৰ হেঁপাহৰ পৰা আঁতৰি আহিছো।”

নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ডিলান য়েচিলগ’জ-জেগেৰিয়াছ। ফটো: সংগ্ৰহীত।

প্ৰথমগৰাকী ডাচ মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনাক আপুনি কেনেদৰে মূল্যায়ন কৰে? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “এয়া ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিছে। অৱশ্যে মই মোৰ সাধ্য অনুসৰি চেষ্টা কৰি আছো।”

নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ডিলান য়েচিলগ’জ-জেগেৰিয়াছ। ফটো: সংগ্ৰহীত।

উল্লেখ্য যে ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা নেদাৰলেণ্ডৰ আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ৪৬ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে। 

Related News