NORTHEAST NOW (Assamese)
অসম

সংগ্ৰামী জীবন! পেৰুৰ বিদ্ৰোহী সংগঠন ছাইনিং পাথৰ প্ৰতিষ্ঠাপক এবিমায়েল গুজমেনৰ দেহাৱসান

Posted by: এন ই নাও নিউজ September 12, 2021 12:20 pm
Abimael-Guzman peru

মাওবাদী ক্ৰান্তিকাৰী পেৰুৰ বিদ্ৰোহী সংগঠন ছাইনিং পাথৰ প্ৰতিষ্ঠাপক নেতা এবিমায়েল গুজমেনৰ শনিবাৰে ৮৬ বছৰ বয়সত দেহাৱসান ঘটে।

গুজমেনক ১৯৯২চনত লীমাত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এগৰাকী সন্ত্ৰাসবাদী হিচাপে দোষী সাৱ্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল।

পেৰুৰৰ কাৰাগাৰত বন্দী হৈ থকা গুজমেন এমাহ ধৰি অসুস্থ হৈ থকাৰ পাছত যোৱা আগষ্টৰ প্ৰথমভাগত হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

শনিবাৰে কাৰাগাৰৰ অধীক্ষকে জানিবলৈ দিয়ে যে দুদিন ধৰি তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু উন্নত চিকিৎসাৰ বাবে নিয়াৰ পূৰ্বে তেওঁ থকা চেলতে মৃত্যুক সাৱটি লয়।

দৰ্শন শাস্ত্ৰৰ অধ্যাপক গুজমেন এগৰাকী আজীৱন কমিউনিষ্ট নেতা আছিল। তেওঁ ১৯৬০ৰ দশকৰ শেষৰ পিনে চীন ভ্ৰমণ কৰাৰ পাছত মাও চে তুঙৰ সাংস্কৃতিক বিপ্লৱৰ দ্বাৰা প্রভাৱিত হৈছিল। তেওঁ  ১৯৮০ চনত আৰম্ভ হোৱা শ্ৰেণী সংঘৰ্ষৰ জৰিয়তে মাও চে তুঙৰ কমিউনিষ্টি ধাৰাক পেৰুত প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লয়।

Also read: EPFO, উৎকোচ লোৱাৰ অপৰাধত গুৱাহাটীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে EPFOৰ কৰ্মচাৰীক

গুজমেনে ছাইনিং পাথৰ প্ৰতিষ্ঠা কৰি তাত কৃষক আৰু কট্টৰপন্থী ছাত্ৰসকলৰ সন্মিলিত শক্তিক লেটিন আমেৰিকাৰ আটাইতকৈ হিংস্ৰ গৰিলা সেনালৈ ৰূপান্তৰিত কৰিছিল।

১৯৮০চনত কেইবাবছৰৰ প্ৰস্তুতিৰ পাছত বিশ্বাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গুজমেনে অয়াকুচো চহৰৰ বাহিৰৰ এণ্ডিজত সমৰ্থকসকলৰ এটা গোটক নেতৃত্ব দিছিল।

তেওঁৰ অনুৰাগীসকলে মাৰ্ক্স, লেনিন আৰু মাওৰ অনুসৰণত গুজমেনক মাৰ্ক্সবাদৰ চতুৰ্থ নেতা হিচাপে মান্য কৰি স্বাধীনতাকামী শ্ল’গান, গীত, পোষ্টাৰৰ লগতে সাহিত্যও সৃষ্টি কৰে।

অৱশ্যে, অধিকাংশ পেৰুবাসীয়ে গুজমেন সম্পৰ্কত যি প্ৰথম ছবি দেখিছিল সেয়া ক্ৰান্তিকাৰী নাছিল। পাছলৈ  তেওঁৰ আক্ৰমণৰ তীব্ৰতা বৃদ্ধি পাইছিল আৰু দেশখনৰ তৎকালীন ৰাষ্ট্ৰপতি এলবাৰ্টো ফুজিমুৰীয়ে বিদ্ৰোহ দমনৰ লক্ষ্যৰে উগ্ৰবাদী শক্তিক নিয়ন্ত্ৰণ কৰে।

১৯৯২চনত লীমাত এটা বিশাল আৰু সুৰক্ষিত ঘৰৰ পৰা আৰক্ষীয়ে গুজমেনক গ্ৰেপ্তাৰ কৰে আৰু তাৰপাছত আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

১৯৮০ৰ দশকত গুজমেনৰ প্ৰথমা পত্নী আগষ্টা লা টোৰেৰ ৰহস্যজনকভাৱে মৃত্যু ঘটে। ২০১০চনত তেওঁ দীৰ্ঘদিনীয়া প্ৰেমিকা এলেনা ইপাৰাগিলক বিয়া কৰায়। তেওঁকো গুজমেনৰ দৰেই আজীৱন কাৰাদণ্ড বিহা হৈছিল। এই দুয়োগৰাকী মহিলা ছাইনিং পাথৰ নেতৃত্বত আছিল।