NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰৰ অনাথ আশ্ৰমলৈ আচবাব, খোৱাপানীৰ সুবিধা প্ৰদান ৰেড হৰ্ন ডিভিজনৰ জিঅ’চিৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী December 2, 2018 9:46 pm
IMG-20181202-WA0024

আজি ২ ডিচেম্বৰ দেওবাৰে ৰঙিয়াত থকা ৰেড হৰ্ন ডিভিজনৰ জেনেৰেল অফিচাৰ কামাণ্ডিংগৰাকীয়ে বড়োবাজাৰত থকা ‘বড়োলেণ্ড ছিলড্ৰেণ্ডছ হোম’ নামৰ অনাথ আশ্ৰমখনলৈ কাবাৰ্ড, ডাইনিং টেবুল আচবাব সামগ্ৰী আৰু ৰিভাৰ্ছ অছম’ছিছ ব্যৱস্থাৰে বিশুদ্ধিকৃত (RO water purification system) খোৱা  খোৱাপানীৰ সুবিধা স্থাপন কৰিছে।  ভাৰতীয় সেনাৰ ‘অভিযান সদ্ভাৱনা’ৰ (Operation Sadbhavana) অধীনত কোকৰাঝাৰৰ অতি ভিতৰুৱা ভিতৰুৱা এলেকাত থকা এই অনাথ আশ্ৰমখনৰ  শিশুহঁতক সেনা বিষয়াগৰাকীয়ে ঊণী কাপোৰো প্ৰদান কৰে।

সেনা কামাণ্ডাৰগৰাকীৰ এই বদান্যতাৰ বাবে অনাথ আশ্ৰম কৰ্তৃপক্ষই বিষয়াগৰাকীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে।

উল্লেখ্য যে ‘বড়োলেণ্ড ছিলড্ৰেণ্ডছ হোম’ অনাথ আশ্ৰমত ৩৬টি পিতৃ-মাতৃহীন শিশুৱে বাস কৰে। সেনা কামাণ্ডাৰগৰাকীয়ে প্ৰদান কৰা এই সুবিধাই পিতৃ-মাতৃ আৰু আপোনজনৰ স্নেহৰ উমৰ পৰা বঞ্চিত এই শিশুসকলক যথেষ্ট উপকৃত কৰিব।

উল্লেখ্য যে জনসাধাৰণৰ সৈতে সম্পৰ্ক উন্নীত কৰাৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে প্ৰৱৰ্তন কৰা ‘অভিযান সদ্ভাৱনা’ৰ অধীনত অতি ভিতৰুৱা এলেকাত বাস কৰা আৰু চৰকাৰী সুযোগ সুবিধাৰ পৰা বঞ্চিত জনসাধাৰণলৈ বিভিন্ন মানৱীয় সহায়তা আগবঢ়োৱাৰ উদ্যোগ গ্ৰহণ কৰিছে।

ভাৰতীয় সেনা বাহিনীয়ে দেশৰ ভিতৰুৱা এলেকাসমূহত বাস কৰা জনসাধাৰণৰ জীৱনধাৰণৰ মান উন্নীত কৰাৰ বাবে গ্ৰহণ কৰা এই মানৱ হিতৈষী পদক্ষেপক স্থানীয় জনসাধাৰণে আদৰণি জনাইছে।